অসম

assam

ETV Bharat / state

Contractors deprived of fund: ঋণত পোত যোৱা হিমন্ত চৰকাৰৰ ঠিকাদৰক দিবলৈ নাই ধন - ড৹ হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰে ঠিকাদাৰক দিবলৈ আছে প্ৰায় 22 হাজাৰ কোটি টকা । 2020-2021 চনৰ ধনো ঠিকাদাৰ আৰু যোগনিয়াৰসকলে পোৱা নাই । শেহতীয়াকৈ চৰকাৰে ধন মোকলাই দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰাত ঠিকাদাৰ সকলে সকাহ লাভ কৰিছে । জলসম্পদ বিভাগত বাকী আছে সৰ্বাধিক । বৃহৎ পৰিমাণৰ ঋণৰ বোজা থকাৰ পাছতো চৰকাৰখনে ব্যয় সংকোচিত কৰাৰ বিপৰীতে হিতাধিকাৰীৰ নামত বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে (Contractors deprived of fund) ।

Contractors deprived of fund
ঋণত পোত যোৱা হিমন্ত চৰকাৰৰ ঠিকাদৰক দিবলৈ নাই ধন

By

Published : Feb 26, 2023, 2:12 PM IST

গুৱাহাটী,26 ফেব্ৰুৱাৰী: ঋণৰ ওপৰত ঋণ লৈ হিতাধিকাৰী আঁচনিৰে উন্নয়নৰ ঢাক-ঢোল বজোৱা ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ আৰ্থিক সংকট অতি ভয়ংকৰ হৈ পৰিছে ৷ ৰংচঙীয়া বিজ্ঞাপন প্ৰকাশ কৰি আৰু বৃহৎ বৃহৎ ৰাজহুৱা সভা পাতি উন্নয়নৰ ব্যাপক প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঠিকাদাৰসকলে পোৱা নাই প্ৰাপ্য ধন (Contractors deprived of fund) ।

প্ৰাপ্ত তথ্য মতে আৰ্থিক সংকটৰ জোৰা মাৰিব নোৱাৰিয়েই চৰকাৰে ঠিকাদাৰসকলক দিব পৰা নাই প্ৰায় 22 হাজাৰ কোটি টকা । ইয়াৰ ভিতৰত 2020-2021 চনৰ ধনো ঠিকাদাৰ আৰু যোগনিয়াৰসকলে পোৱা নাই । এক কথাত ক’বলৈ গ’লে প্ৰকৃততে চৰকাৰে এই ধন দিবলৈ সক্ষম হোৱা নাই । এই ধনৰ পৰিমাণ আছিল 17 হাজাৰ কোটি টকা (Assam govt unable to provide fund) ।

আনহাতে 2021-2022 চনত এই ধনৰ পৰিমাণ 22 হাজাৰ কোটি টকালৈ বৃদ্ধি পায় । উল্লেখ্য যে, চৰকাৰে শেহতীয়াকৈ এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে যদিও বকেয়াৰ পৰিমাণ যথেষ্ট বেছি । যাৰবাবে ঠিকাদাৰসকলে প্ৰাপ্য ধন লাভ কৰিবলৈ যথেষ্ট সময় লাগিব ।

লক্ষ্যনীয় বিষয় যে, ঠিকাদাৰে ধন আদায় পাবলৈ বাকী থকা বিভাগসমূহৰ ভিতৰত অন্যতম হ’ল জলসম্পদ বিভাগ ৷ মন্ত্ৰী পীযুষ হাজৰীকাৰ দায়িত্বত থকা বিভাগটোৰ ঠিকাদাৰসকলে পাবলৈ থকা ধনৰ পৰমাণ 600 কোটি টকা । অনুৰূপধৰণে স্বাস্থ্য, শিক্ষা, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ বিভাগৰ ঠিকাদাৰসকলে পাবলৈ বাকী আছে প্ৰায় 12 হাজাৰ কোটি টকা ।

উল্লেখ্য যে, ঠিকাদাৰ আৰু যোগনিয়াৰক এনে বৃহৎ পৰিমাণৰ ধন আদায় দিবলৈ বাকী থকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভাৰতৰ মহা হিচাপ নিয়ন্ত্ৰক আৰু পৰীক্ষক চমুকৈ কেগে ৷ ঠিকাদাৰক কিয় বিল আদায় দিয়া নাই বুলি ৰাজ্য চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছে কেগে । বিগত 31 মাৰ্চলৈকে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানলৈ কিমান পুঁজিৰ আৱণ্টন দিলে আৰু আৱণ্টিত পুঁজিৰ কিমান মুকলি কৰি দিলে তাৰ বিতং তথ্য বিচাৰি কেগে পত্ৰ প্ৰেৰণ কৰিছে । কেগৰ ফালৰ পৰা এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ বিত্ত বিভাগৰ বাজেট শাখাৰ সঞ্চালকলৈ (CAGE questioning Assam govt) ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ পৰিমাণ বৰ্তমান প্ৰায় ডেৰ লাখ কোটি টকা হৈছেগৈ । এনে বৃহৎ পৰিমাণৰ ঋণৰ বোজা থকাৰ পাচতো চৰকাৰখনে ব্যয় সংকোচিত কৰাৰ বিপৰীতে হিতাধিকাৰীৰ নামত বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে । ৰাজ্যৰ অৰ্থনৈতিক পৰিস্থিতি যিয়েই নহওক কিয় চমক সৃষ্টিৰ নামত চৰকাৰখনে কিন্তু অলপো আপোচ কৰা নাই । ইয়াৰ বিপৰীতে কাম কৰায়ো ঠিকাদাৰ আৰু যোগনিয়াৰক চৰকাৰখনে দিব পৰা নাই প্ৰাপ্য ধন (Financial condition of Assam Govt) ।

মাহৰ পিছত মাহ ধৰি প্ৰাপ্য ধন নাপাই ঠিকাদাৰ আৰু যোগনিয়াৰসকল সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে । বিশেষকৈ সৰু সৰু ঠিকাদাৰসকল বিশেষভাৱে সমস্যাত পৰিছে । ইফালে ঠিকাদাৰৰ অসন্তুষ্টিয়ে বিভাগসমূহৰ কাম-কাজত অচলাৱস্থাও সৃষ্টি কৰিছে । ইয়াৰ দ্বাৰা সকলো সময়তে উন্নয়নৰ কথা কোৱা চৰকাৰখনৰ বাস্তৱ স্বৰূপটো সহজতে অনুমান কৰিব পাৰি । শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঠিকাদাৰসকলৰ বকেয়া মোকলাই দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও সমুদায় ধন কেতিয়াকৈ ঠিকাদাৰসকলে লাভ কৰিব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক:APSC Scam : এ পি এছ চি কেলংকাৰীক কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ লগত তুলনা

ABOUT THE AUTHOR

...view details