অসম

assam

ETV Bharat / state

আকৌ সমস্যাত পৰিব নেকি অনিল নগৰ-নবীন নগৰ বাসী ?

নবীন নগৰ ৱেলফেয়াৰ চ'ছাইটিৰ যুটীয়া সম্পাদিকা মৌচুমী শৰ্মা বৰদলৈয়ে অভিযোগ যে ১৮ ৰ পৰা ২০ মহলীয়া অট্টালিকা নিৰ্মাণ হলে বৃহৎ এই অঞ্চলটোৰ ৰাইজৰ জীৱন দুৰ্বিহ হৈ পৰিব । কৃত্রিম বানপানীৰ দীৰ্ঘদিনীয়া সমস্যা আৰু অধিক ভয়াৱহ হৈ পৰিব । মন্ত্রী অশোক সিংঘলৰ বিৰুদ্ধে ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ অভিযোগ ।

construction-work-problem-in-nabin-nagar-anil-nagar
আকৌ সমস্যাত পৰিব অনিল নগৰ-নৱীন নগৰ বাসী

By

Published : Jun 6, 2021, 9:43 PM IST

গুৱাহাটী, 6 জুন : ভয়াৱহ কৃত্রিম ব‍ানৰ বাবে প্ৰত্যেক বছৰ বাৰিষা সংবাদৰ শিৰোনামাত থকা গুৱাহাটী মহানগৰীৰ এটা বৃহৎ এলেকাত এতিয়া এক বিশাল নিৰ্মাণকাৰ্যক লৈ শংকাৰ সৃষ্টি হৈছে । গুৱাহাটীৰ নবীন নগৰ, অনিল নগৰ আৰু তৰুণ নগৰৰ কথাই কোৱা হৈছে । এই অঞ্চলটোৰ ৰাইজে প্ৰত্যেক বছৰ বাৰিষা কৃত্রিম বানেৰে যুঁজ দি আহিছে ।

শেহতীয়াকৈ এই অঞ্চলটোত চলি থকা এক বিশাল নিৰ্মাণকাৰ্যক লৈ স্থানীয় ৰাইজ বিভিন্ন দিশৰ পৰা শংকিত হৈ পৰিছে । এই সন্দৰ্ভত নবীন নগৰ ৱেলফেয়াৰ চ'ছাইটিৰ যুটীয়া সম্পাদিকা মৌচুমী শৰ্মা বৰদলৈয়ে অভিযোগ কৰা অনুসৰি অঞ্চলটোৰ এটা বৃহৎ এলেকা সামৰি প্ৰ'টেক গ্ৰুপে বিশাল বিশাল এপাৰ্মেণ্ট নিৰ্মাণৰ কাম চলাই আছে । বৰ্তমান দিনে-নিশাই পাইলিঙৰ কাম চলাই থকাত স্থানীয় ৰাইজে অভাৱনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

আকৌ সমস্যাত পৰিব অনিল নগৰ-নৱীন নগৰ বাসী

ছ'চাইটিৰ যুটীয়া সম্পাদিকাগৰাকীয়ে কয়-' নিৰ্মাণকাৰ্য চলি থকা ঠাইত পূৰ্বতে কমেও বাৰটা প্লটৰ সৈতে ৰাস্তা-ঘাট আৰু বিশেষকৈ বৃহৎ এলেকাটোৰ পানী ওলাই যোৱাৰ উৎস আছিল । কিন্তু এই সকলোবোৰ এতিয়া নিৰ্মাণ কাৰ্যৰ কৱলত পৰিছে । আমি জানিব পৰা মতে, ইয়াত ১৮ ৰ পৰা ২০ মহলীয়া অট্টালিকা নিৰ্মাণ কৰা হ'ব। তেনে হ’লে বৃহৎ এই অঞ্চলটোৰ ৰাইজৰ জীৱন দুৰ্বিহ হৈ পৰিব । পূৰ্বতে অন্য এটা নিৰ্মাতা প্ৰতিষ্ঠানে কাম হাতত লৈছিল যদিও ৰাইজৰ আপত্তি আৰু বিসংগতিৰ বাবে জিলা উপায়ুক্তই কাম বন্ধ কৰি দিছিল ।

তাৰ পিছত প্ৰ'টেক গ্ৰুপে কামটো হাতত লৈ নিৰ্মাণকাৰ্য আৰম্ভ কৰে । বৰ্তমান নিৰ্মাণকাৰ্য চলাই থকা প্ৰ'টেক গ্ৰুপৰ আঁৰত জিএমডিএৰ অধ্যক্ষ তথা গুৱাহাটী উন্নয়ণ বিভাগৰ নৱনিযুক্ত মন্ত্রী অশোক সিংঘাল জড়িত হৈ আছে । তেনেস্থলত নীতি-নিয়মৰ কথাই নাই । আমি ভাবো এই নিৰ্মাণকাৰ্য বৈধ্যভাৱে হোৱা নাই । যাৰ বাবে তেওঁলোকে আমাক এতিয়ালৈকে নক্সা দেখুৱাবলৈ সক্ষম হোৱা নাই । তেওঁলোকে ক'ভিডৰ এই সময়ত কলকাতাৰ পৰা মিস্ত্ৰি-শ্ৰমিক আনি নিৰ্মাণকাৰ্য চলাই আছে ।'

আনহাতে নবীন নগৰৰ বয়োজ্যেষ্ঠ নাগৰিক মনোৰঞ্জন দাসে কয় যে এই বিশাল নিৰ্মাণকাৰ্যই বৰ্তমান ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে আৰু সম্পূৰ্ণ হ'লে ভবিষ্যতে অঞ্চলটোৰ ভয়াৱহ বিপদ হ'ব । উল্লেখ যে, ৰাইজে অভিযোগ কৰা মতে মন্ত্রী অশোক সিংঘালৰ ক্ষমতাৰ প্ৰভাৱ খটোৱাই প্ৰ'টেক গ্ৰুপে এই নিৰ্মাণকাৰ্য চলাবলৈ সক্ষম হৈছে । ছ'চাইটিৰ বিষয়ববীয়াসকলে জনোৱা মতে শীঘ্ৰেই তেওঁলোকে এই নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে সংশ্লিষ্ট সকলো বিভাগীয় কৰ্তৃপক্ষৰ কাষ চাপি অভিযোগ দাখিল কৰিব ।


লগতে পঢ়কঃ নীপকোৱে এৰি দিয়া পানীয়ে জল প্ৰলয় মাতিছে লখিমপুৰত

ABOUT THE AUTHOR

...view details