গুৱাহাটী, 29 ছেপ্তেম্বৰ :মালিগাঁওবাসীৰ বাবে সুখবৰ ৷ কিয়নো দীৰ্ঘদিনীয়া যান যঁটৰ সমস্যা শীঘ্ৰেই সমাধান হোৱাৰ পথত । অক্টোবৰৰ প্ৰথম ভাগৰ পৰা কাম আৰম্ভ হ'ব মালিগাঁৱৰ নতুন উৰণীয়া সেঁতুৰ । নিৰ্মাণ কৰিবলগীয়া 4 লেনযুক্ত উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ'ব 2.9 কিঃমিঃ ।
সামাজিক মাধ্যম যোগে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা । লগতে,দলঙখন কেনেধৰণৰ হ'ব তাৰো ছবি প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে । 321.41 কোটি টকা ব্যয়ৰে সেঁতুখন নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যেই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ।