গুৱাহাটী,17 অক্টোবৰঃশনিবাৰে ৰাজহুৱা কৰিলে নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ পূৰ্ণাংগ খচৰা সংবিধান ৷ ৭০ টা জাতি-জনগোষ্ঠী সংগঠনৰ নেতৃত্বত গঠন হোৱা দলটোৰ ৪৪ পৃষ্ঠা যোৰা আৰু ২২ টা অনুচ্ছেদ যুক্ত সংবিধানখন ৰাজহুৱা কৰিলে দলটোৰ মুখ্য আহ্বায়ক ভাস্কো’ ডি শইকীয়া আৰু ৰুবুল দাসে ৷
ৰাইজৰ দলে মুকলি কৰিলে ৪৪ পৃষ্ঠাযোৰা সংবিধান - বিকেন্দ্ৰীকৰণৰ লক্ষ্য
ৰাজনৈতিক ভাৱে ফেডাৰেল,অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল আৰু সামাজিকভাৱে সকলোকে সামৰি লোৱা আৰু মানসিকভাৱে বিজ্ঞানসন্মত অসম গঢ়াই ৰাইজৰ দলৰ একমাত্ৰ আৰু প্ৰধান উদ্দেশ্য ৷
ৰাইজৰ দলে মুকলি কৰিলে ৪৪ পৃষ্ঠাযোৰা সংবিধান
শনিবাৰে মহানগৰীৰ গৌৰী সদনত দলৰ সংবিধান মুকলি কৰি ভাস্কো’ ডি শইকীয়াৰ উল্লেখ কৰে যে,অসমক ভাৰতীয় সংবিধানৰ ৩৭১ ক অনুচ্ছেদৰ অন্তৰ্গত সাংবিধানিকভাৱে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ স্বীকৃতি কাঢ়ি আনিবলৈ অংগিকাৰবদ্ধৰাইজৰ দল ৷
লগতে পঢ়কঃ অসম-মেঘালয় সীমান্ত পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাৰ