অসম

assam

জনতা ভৱনৰ চৌহদত উদযাপন সংবিধান দিৱস

By

Published : Nov 26, 2019, 5:20 PM IST

মঙলবাৰে দেশজুৰি উদযাপন কৰা হয় সংবিধান দিৱস ৷ সাংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পিছতে জনতা ভৱনত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ভাষণৰ আৰম্ভণিতে জনতা ভৱনৰ কৰ্মচাৰী বিষয়াসকলৰ লগতে সভাত উপস্থিত সকলো লোককে শপত বাক্য পাঠ কৰায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Constitution Day Celebrated at Janata Bhawan Guwahati
জনতা ভৱনৰ চৌহদত উদযাপন সংবিধান দিৱস

গুৱাহাটী, 26 নৱেম্বৰঃ আজি সংবিধান দিৱস ৷ 1949 চনৰ 26 নৱেম্বৰৰ দিনটোতেই ভাৰতীয় সংবিধান সভাই ভাৰতীয় সংবিধানখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল ৷ 2015 চনৰ আজিৰ তাৰিখতে এই দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ সংকল্পৰ কথা ঘোষণা কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সেই উদ্দেশ্যে মঙলবাৰে দেশজুৰি উদযাপন কৰা হয় সংবিধান দিৱস ৷ সাংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পিছতে জনতা ভৱনত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

জনতা ভৱনত সংবিধান দিৱস উদযাপন

উল্লেখ্য যে,ভাষণৰ আৰম্ভণিতে জনতা ভৱনৰ কৰ্মচাৰী,বিষয়াসকলৰ লগতে সভাত উপস্থিত সকলো লোককে শপত বাক্য পাঠ কৰায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ দেশৰ প্ৰতিজন নাগৰিকে দেশৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান ৰাখি সকলো লোককে নিজৰ অধিকাৰৰ লগতে কৰ্তব্যৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনায় ৷ জনতা ভৱনত অনুষ্ঠিত সংবিধান দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে বিধায়ক নুমল মমিন,বিধায়ক প্ৰশান্ত ফুকন,মুখ্য আয়ুক্ত আলোক কুমাৰ,আয়ুক্ত অংগ মথুৰ লগতে বিভিন্ন বিভাগৰ আয়ুক্ত আৰু সঞ্চালকসকল ৷

লগতে পঢ়কঃ ছাৰে ঘৰত থাকি ভাল পায়: ৰেজিষ্টাৰ বহী হোম ডেলিভাৰী দিয়ে ছাত্ৰই

ABOUT THE AUTHOR

...view details