গুৱাহাটী, ৩১ ডিচেম্বৰ :অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগই ৰাজ্যখনত জোকাৰণি তোলাৰ মাজতে শনিবাৰে দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কেবিনেটৰ বৈঠক পাতি ৪ খন জিলা বিলুপ্তি ঘটাই আন জিলাত সংলগ্ন কৰাৰ সিদ্ধান্ত ল’লে ৷ এই সিদ্ধান্তৰ লগত সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগত সম্পৰ্ক আছে নে নাই সেয়া দিল্লীত মুখ্যমন্ত্ৰীৰ সংবাদমেলত স্পষ্ট নহ’ল ৷ সেয়া স্পষ্টকৈ নক’লেও সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক’লে কেইবাটাও গুৰুত্বপূৰ্ণ কথা (Assam CM on Delimitation) ৷
অসমত অহা ২০২৪ ৰ লোকসভা নিৰ্বাচন (Lok Sabha election 2024) নতুনকৈ নিৰ্ধাৰণ হোৱা সীমাৰে অনুষ্ঠিত হ’ব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত স্পষ্ট হৈছে সেই কথা ৷ "প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা ৬/৭ মাহৰ ভিতৰত শেষ হ’ব অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া (Constituency Delimitation will be completed before Lok Sabha election) ৷ লোকসভা নিৰ্বাচনৰ আগতেই হ’ব ৷" - দিল্লীত কেবিনেট বৈঠকৰ পিচত দিয়া সংবাদমেলখনত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সমষ্টিৰ বিলুপ্তি, নতুন সমষ্টি গঠন আদি প্ৰসংগত যিবোৰ বাতৰি ওলাই আছে সেয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ ২০০৭ ৰ খচৰা অনুসৰি কৰিছে ৷ কিন্তু নতুনকৈ পুনৰ খচৰা প্ৰকাশ কৰা হ’ব ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগৰ লগতে আন কেইবাটাও প্ৰসংগত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷
লগতে পঢ়ক :Assam District Remerged: বিলুপ্ত হ’ল 4 খন জিলা, কেবিনেটৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ