গুৱাহাটী, ২৮ ডিচেম্বৰ : শীঘ্ৰেই সলনি হৈ পৰিব অসমৰ ৰাজনৈতিক মানচিত্ৰ ৷ সলনি হৈ পৰিব ৰাজ্যৰ নিৰ্বাচনী মানচিত্ৰ ৷ মাত্ৰ কিছুদিনৰ পিছতে আপোনাৰ-মোৰ পৰিচিত ৰাজ্যৰ দীৰ্ঘদিনীয়া নিৰ্বাচনী মানচিত্ৰ বেলেগ হৈ পৰি সৃষ্টি হ’ব লোকসভা আৰু বিধানসভা সমষ্টিৰ নতুন সীমা ৷ অনিশ্চয়তাত বহু ৰথী-মহাৰথীৰ ৰাজনৈতিক ভৱিষ্যৎ ৷
সংখ্যালঘু ভোটাৰৰ আধিপত্য শেষ কৰাৰ চেষ্টা ! নোহোৱা হ’ব বহু সমষ্টি ৷ সৃষ্টি হ’ব নতুন সমষ্টিৰ ৷ মাত্ৰ কেইদিনমানৰ পিছতে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ৷ মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে(Election Commissioner of India) অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি ঘোষণা কৰা লগেলগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আয়োগৰ ঘোষণাৰ লগেলগে নিশ্চিত হৈ পৰিল অসমৰ ১২৬ টা বিধানসভা আৰু ১৪ টা লোকসভা সমষ্টিৰ সীমাৰ পুনৰ নিৰ্ধাৰণ (Constituency Delimitation in Assam)৷
নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে যে ২০০১ চনৰ লোকপিয়লৰ(2001 census report) ভিত্তিতে হ’ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কাম ৷ ৰাজ্যজুৰি এতিয়া চৰ্চা চলিছে- মূলতঃ ধৰ্মীয় জনগাঁথনিৰ ভিত্তিতে এই সীমাৰ পুনৰ নিৰ্ধাৰণ হ’ব ৷ এই কথা নিশ্চিত হ’বৰ বাবে অপেক্ষা কৰিব লাগিব সময়লৈ ৷ কিয়নো সমষ্টি পুনৰ বিন্যাস কৰাৰ পূৰ্বে জনতাৰ পৰামৰ্শ লোৱাৰো ব্যৱস্থা থাকিব ৷
ৰাজ্যত আইন-শৃংখলাজনিত পৰিস্থিতি এতিয়া উন্নত বুলি ৰাজ্য চৰকাৰে কেন্দ্ৰক জনোৱাৰ পিছতে এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ টেবুলত আৰম্ভ হৈছে প্ৰক্ৰিয়া ৷ প্ৰক্ৰিয়া আগবঢ়াবৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ ৷ ২০২৩ত সম্পূৰ্ণ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৷ কাজেই নিশ্চিত হ’ল- ২০২৪ৰ লোকসভা নিৰ্বাচন হ’ব নতুন নিৰ্ধাৰিত সীমাৰে (New constituency of Assam)৷ তাৰ লগেলগে অনিশ্চিত হৈ পৰিল বহু ৰাজনৈতিক নেতাৰ ভৱিষ্যৎ ৷
বহু হাই প্ৰফাইল নেতাৰ নোহোৱা হ’ব নিজৰ সমষ্টি ৷ বহুজনৰ ৰাজনৈতিক কেৰিয়াৰক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্নবোধক ৷ বিশেষকৈ সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল ৰাজনৈতিক নেতাৰ বাবে অশনি সংকেত আসন্ন বুলি ব্যাপক চৰ্চা চলিছে ৷ বিপৰীতে সংখ্যালঘু ভোটাৰৰ বাবে বিপৰ্যয়ত ভোগা নেতাৰ বাবে চৰ্চিত হৈছে আশাৰ ৰেঙণি ৷
কেনে হ’ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ?২০০৭ চনৰ পুনৰ সমষ্টি নিৰ্ধাৰণ কমিটিৰ খচৰা অনুসৰি-
কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত: হাইলাকান্দি, লালা, কাটলিচেৰা, দুৰ্লভচেৰা,পাথাৰকান্দি,কৰিমগঞ্জ(দক্ষিণ) আৰু বদৰপুৰ
শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত: কাটিগড়া, বৰখলা, উদাৰবন্দ, লক্ষীপুৰ, শিলচৰ, সোণাই আৰু ধলাই
ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত: বোকাজান, হাউৰাঘাট, ডিফু, হামৰেন আৰু উত্তৰ কাছাৰ পাৰ্বত্য
নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত: মায়ং, মৰিগাঁও, জাগীৰোড, ৰহা, নগাঁও, বঢ়মপুৰ, কঠিয়াতলী, হোজাই আৰু লামডিং
তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত: ৰঙিয়া, বিহদিয়া জাজীকোণা, ছিপাঝাৰ, মঙলদৈ, দলগাঁও শিয়ালমাৰী, ঢেকীয়াজুলি, ৰঙাপৰা, বৰছলা, তেজপুৰ আৰু বালিপৰা
গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত: বকো, পলাশবাৰী, হাজো, উত্তৰ গুৱাহাটী, পশ্চিম গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, চন্দ্ৰপুৰ, ছমৰীয়া, দিছপুৰ আৰু বৰক্ষেত্ৰী
বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত: অভয়াপুৰী, মাণিকপুৰ, বঙাইগাঁও, বৰপেটা, বৰপেটাৰোড, জনীয়া, চেঙা, টিহু আৰু নলবাৰী