অসম

assam

ETV Bharat / state

কেন্দ্ৰৰ ভুল নীতিৰ বিৰুদ্ধে দেশজুৰি ৰাজপথ কঁপাব কংগ্ৰেছে - কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিনাশ পাণ্ডে

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে ৰাজপথ কঁপাব কংগ্ৰেছে ৷ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিনাশ পাণ্ডে কয় যে, কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ভুল নীতিসমূহৰ বিৰুদ্ধে অহা 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ কংগ্ৰেছ দলে দেশজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

কেন্দ্ৰৰ ভুল নীতিৰ বিৰুদ্ধে দেশজুৰি ৰাজপথ কঁপাব কংগ্ৰেছে

By

Published : Nov 4, 2019, 6:52 PM IST

গুৱাহাটী, 4 নৱেম্বৰঃ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে ৰাজপথ কঁপাব কংগ্ৰেছে ৷ দেশজুৰি তীব্ৰ আন্দোলনত নামিব কংগ্ৰেছ ৷ গুৱাহাটীস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিনাশ পাণ্ডেই কয় যে, কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ভুল নীতিসমূহৰ বিৰুদ্ধে অহা 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ কংগ্ৰেছ দলে দেশজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ লগতে তেওঁ কয় যে, বিজেপি দলৰ ভুল নীতি সমূহৰ ফলত আজি দেশৰ অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে ।

কেন্দ্ৰৰ ভুল নীতিৰ বিৰুদ্ধে দেশজুৰি ৰাজপথ কঁপাব কংগ্ৰেছে

বিজেপি চৰকাৰৰ এই ভুল নীতিৰ ফলত বৰ্তমান দেশৰ থলুৱা উদ্যোগপতি, ব্যৱসায়ী, কৃষকৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে । বিমুদ্ৰাকৰণ আৰু জি.এছ.টিৰ বাবে দেশৰ অৰ্থনীতি নিম্নগামী হৈছে । বিজেপিৰ ভুল নীতি সমূহৰ ফলত ফলত ভাৰত বিশ্বৰ অন্য দেশৰ তুলনাত পিছুৱাই যাবলৈ বাধ্য হৈছে বুলিও অভিযোগ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে । বিজেপি চৰকাৰৰ এই ভুল নীতিসমূহ ৰাইজৰ আগত দাঙি ধৰিবলৈ কংগ্ৰেছ দলে ৰাজপথত ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰি সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিনাশ পাণ্ডেই ৷

ইয়াৰোপৰি কংগ্ৰেছৰ নেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, বিজেপিৰ যোৱা 5 বছৰৰ শাসনকালত দেশৰ অৱস্থা অতিকৈ শোচনীয় হৈছে । বিজেপিয়ে নিজৰ সফলতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৰাইজক আৱেগিক কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কটাক্ষ কৰে ৷

আৰু পঢ়কঃদিল্লীৰ প্ৰদূষণক লৈ চিন্তিত বলীউদ তাৰকা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details