গুৱাহাটী,6 মে’:সদ্য সমাপ্ত 2021 ৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটে বিজয় লাভ কৰি শাসনৰ বাঘজৰী নিজৰ দখললৈ আনিলে যদিও কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটে বিগত 2016 চনৰ বিধানসভা নিৰ্বাচনতকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনত 126 খন আসনৰ বাবে ৰাজ্যত 2,33,74,078 গৰাকী ভোটাৰ আছিল ৷ তাৰে ভিতৰত 1,91,76,846 গৰাকী ভোটাৰে ভোটদান কৰিছিল ৷ যাৰ ফলত ৰাজ্যখনত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত সৰ্বমুঠ 82.04 শতাংশ ভোটাৰে ভোটদান কৰিছিল ৷
উল্লেখযোগ্য যে, এইবাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে 60 খন আসন লাভ কৰিছিল ৷ একেদৰে অসম গণ পৰিষদে 9 খন আসন লাভ কৰাৰ বিপৰীতে নতুনকৈ গঠন হোৱা ইউপিপিএলে 6 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ ফলত বিজেপি মিত্ৰজোঁটে সৰ্বমুঠ 75 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে কংগ্ৰেছে 29 খন আসন, এআইইউডিএফে 16 খন, বিপিএফে এখন লাভ কৰাৰ বিপৰীতে চিপিআইএমে এখন আসন লাভ কৰি মুঠতে কংগ্ৰেছ মহাজোঁটে 50 খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷
সেই অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে 33.21 শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 29.67 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷ একেদৰে অসম গণ পৰিষদে 9.91 শতাংশ, এআইইউডিএফে 9.29 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে কংগ্ৰেছৰ লগত থকা মহাজোঁটৰ অংশীদাৰ বিপিএফে 3.39 শতাংশ, চিপিআই 0.14 শতাংশ লাভ কৰাৰ বিপৰীতে চিপিআই এমএলে 0.84 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে অল ইণ্ডিয়া ফৰ্ৱাৰড ব্লকে 0.02 শতাংশ, তৃণমূল কংগ্ৰেছে 0.19 শতাংশ, জেডিইউ 0.11 শতাংশ, এলজেপিয়ে 0.04 শতাংশ আৰু এনচিপিয়ে 0.4 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ৷