গুৱাহাটী, ২৫ মাৰ্চ: মুঠতে কংগ্ৰেছ দলত যেন এতিয়া অশান্তিৰ বাহ হৈছে । ৰাজ্যসভা নিৰ্বাচনত অনায়াসে জিকি আহিব পৰাৰ জোখাৰে বিধায়ক থকাৰ পিছতো বাৰে বাৰে নিজৰ জয়ক লৈ চিন্তিত-উদ্বিগ্ন হবলগীয়া হৈছে কংগ্ৰেছ (Congress worried about victory of Rajya Sabha elections)। ৰাজ্যসভাৰ বিৰোধী প্ৰাৰ্থী ৰিপুণ বৰাৰ জয় হব নে নহয় তাকে লৈ কংগ্ৰেছ উৎকন্ঠিত ।
ইয়াৰ মাজতে বৰ্তমানৰ ন-বিজেপি তথা সৌ সিদিনালৈকে কংগ্ৰেছৰ এজন আগশাৰীৰ নেতা হৈ থকা ৰঞ্জন বৰাই কৰিছে এক গুৰুত্বপূৰ্ণ আৰু বিস্ফোৰক মন্তব্য । সামাজিক মাধ্যমৰ কৃপাত ইতিমধ্যে ৰঞ্জন বৰাৰ সেই ভাষ্য কেউদিশে বিয়পিছে । প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক (সংগঠন) ৰঞ্জন বৰাই সামাজিক মাধ্যমত দিয়া প'ষ্টটো এনেধৰণৰ -"নিৰ্বাচনত যিসকল কংগ্ৰেছ প্ৰাৰ্থীক বৃহৎ পৰিমাণৰ টকাৰ বিনিময়ত টিকেট লবলৈ বাধ্য কৰিছিল আৰু নিৰ্বাচিত হৈ বিধায়ক হৈছে, সেইসকল বিধায়কে ৰিপুণ বৰাক কোনোপধ্যেই ৰাজ্যসভাৰ নিৰ্বাচনত ভোট নিদিয়ে । "