গুৱাহাটী, 29 নৱেম্বৰঃ ভূতপূৰ্ৱ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগ ৰাজ্যৰ কংগ্ৰেছ দলৰ বাবে যে বৃহৎ ক্ষতি সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । তাতে সমূখত বিধানসভা নিৰ্বাচন । গতিকে স্বাভাৱিকতে গগৈৰ অনুপস্থিতিত বা অবৰ্তমানত প্ৰদেশ কংগ্ৰেছে অনাগত নিৰ্বাচনী ৰাজনীতি কেনেদৰে মোকাবিলা কৰিব সেয়া এতিয়া ৰাজনৈতিক শিবিৰত অতিকৈ চৰ্চিত বিষয় ।
বিজেপিক প্ৰত্যাহ্বান জনাবলৈ মহাজোট গঠনৰ পৰিকল্পনাও আছিল তৰুণ গগৈৰেই । সেই মৰ্মে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ জীৱন কালতে দিছপুৰৰ চৰকাৰী বাসগৃহত কংগ্ৰেছ আৰু এআইইউডিএফৰ এক বৈঠকো অনুষ্ঠিত কৰিছিল। কিন্তু সম্প্ৰতি তৰুণ গগৈৰ বিয়োগে প্ৰদেশ কংগ্ৰেছক বহু পৰিমাণে নাৰ্ভাছ কৰি তুলিছে নেকি সেয়াহে ডাঙৰ প্ৰশ্ন । অৱশ্যে এনে সম্ভাৱনা নুই কৰিছে কংগ্ৰেছ দলে ।