গুৱাহাটী, ৫ নবেম্বৰঃ "বৰ্তমান সময়ত অসম চৰকাৰ দীনদয়াল উপাধ্যায় আৰু শ্যামা প্ৰসাদ মুখাৰ্জীক লৈ ব্যস্ত ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । দেওবাৰে দ্বাদশ মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক সমাধিক্ষেত্রত শ্ৰদ্ধাঞ্জলি জনাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই এইদৰে মন্তব্য় কৰে । সমাধিক্ষেত্রৰ পৰিৱেশ-পৰিস্থিতি আৰু চৰকাৰৰ অবহেলাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে চৰকাৰে অসমৰ জাতীয় নায়কসকলৰ কথা পাহৰিলে ।
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক লৈ চৰকাৰৰ কিমান ব্যস্ত সেয়া চৰকাৰী উদ্যোগত চলি থকা সভাখন দেখিলেই গম পোৱা যায় বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । জাতিক প্ৰাণৱন্ত কৰা জাতীয় নায়কসকলক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে মানৱতাৰ কথা কোৱা ভূপেন হাজৰিকাৰ জন্মভূমি শিলসাঁকো বিলত কি হৈছে । ভূপেন হাজৰিকা থকা হ'লে আৰু এটা গান হ'লহেতেন বুলি উল্লেখ কৰি তেওঁ কয় যে অসম কিদৰে মানৱতা বধ্যভূমিলৈ ৰূপান্তৰিত হৈছে সেয়া সকলোৱে দেখিছে ।