গুৱাহাটী, 19 এপ্ৰিল : লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে লাভ কৰি সংখ্যাগৰিষ্ঠতা ৷ এই মন্তব্য কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷
কংগ্ৰেছে অসমত লাভ কৰিব সংখ্যাগৰিষ্ঠতা : ৰিপুণ বৰা
14 খন আসনৰ ভিতৰত 10 খনেই কংগ্ৰেছৰ দখললৈ যাব বুলি দৃঢ় বিশ্বাসী কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷
কংগ্ৰেছে অসমত লাভ কৰিব সংখ্যাগৰিষ্ঠতা : ৰিপুণ বৰা
অসমত লোকসভাৰ 14 খন আসনৰ ভিতৰত 10 খনেই কংগ্ৰেছৰ দখললৈ যাব বুলি উল্লেখ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ ৰাজ্যত কংগ্ৰেছৰ স্থিতিত ভীতিগ্ৰস্ত হৈহে বিজেপিয়ে প্ৰধামন্ত্ৰীৰ হতুৱাই নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলিও উল্লেখ কৰে ৰিপুণ বৰাই ৷ এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা সম্বন্ধটো মুখ খোলে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ মিত্ৰতাৰ সন্দৰ্ভত আজমলৰ লগত কোনোধৰণৰ আলোচনা হোৱা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৰিপুণ বৰাই ৷