গুৱাহাটী, ২৫ জানুৱাৰী:কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পিছতে এইবাৰ হাথ সে হাথ জড়ো যাত্ৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে । বৃহস্পতিবাৰৰ পৰা দেশজুৰি আৰম্ভ হ’ব কংগ্ৰেছৰ হাথ সে হাথ জড়ো যাত্ৰা ৷ ভাৰত জড়ো যাত্ৰা ইতিমধ্যে দেশত অব্যাহত আছে । এই ভাৰত জোড়ো যাত্ৰাৰ সমান্তৰালকৈ দেশ তথা বিভিন্ন ৰাজ্যত কুচকাৱাজ আৰম্ভ হৈছে কংগ্ৰেছৰ হাত সে হাথ জড়ো যাত্ৰাৰ । কংগ্ৰেছৰ এই হাত সে হাথ জড়ো যাত্ৰাৰ বিষয়ে অৱগত কৰিবলৈ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অনুমা আচাৰ্যই(Anuma Acharya, National Spokesperson INC) ।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অনুমা আচাৰ্যই সংবাদমেলত কয়, ৭ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra) ইতিমধ্যে ইয়াৰ শেষ পৰ্যায় উপনীত হৈছে । এই যাত্ৰাই ইতিমধ্যে ৩৫০০ কিলোমিটাৰ দূৰত্বৰ যাত্ৰা সম্পূৰ্ণ কৰিছে । ইয়াৰ সমান্তৰালভাৱে বৃহস্পতিবাৰৰ পৰা সমগ্ৰ দেশত কংগ্ৰেছৰ হাথ সে হাথ জড়ো যাত্ৰা আৰম্ভ হ’ব । দেশল সকলো ৰাজ্যত কংগ্ৰেছৰ হাত সে হাথ জড়ো যাত্ৰা হ’ব । কংগ্ৰেছৰ এই হাথ সে হাথ জড়ো যাত্ৰা তিনিমাহ চলিব আৰু প্ৰতিঘৰলৈ এই যাত্ৰা লৈ যোৱা হ'ব ।
ভাৰত জোড়ো যাত্ৰাৰ সময়চোৱাত ৰাহুল গান্ধীয়ে ৰাইজৰ উদ্দেশ্যে এক পত্ৰ লিখিছে । হাথ সে হাথ জোড়ো যাত্ৰাৰ জৰিয়তে এই পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰা হ'ব । তেওঁ লগতে কয় যে, দেশত বিজেপিৰ আঠ বছৰীয়া শাসনকালত ভয়াবহ মূল্যবৃদ্ধি হৈছে । সকলো সামগ্ৰীৰ দাম বহু বৃদ্ধি পাইছে । আটাৰ দাম ৪০ শতাংশ বাঢ়িছে । ইন্ধনৰ দাম বৃদ্ধি কৰি বিজেপি চৰকাৰে ২৯ লাখ টকা যোৱা বছৰ সংগ্ৰহ কৰিছে । বিজেপিৰ শাসনত ১৫৫ লাখ কোটি ঋণ হৈছে । ৮ বছৰ আগতে দেশত চৰকাৰৰ ৫৫ লাখ কোটি টকাৰ ঋণ আছিল ।