অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ কংগ্ৰেছৰ - complain against himanta biswa sarma

মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্বক অযোগ্য ঘোষণাৰ দাবী কংগ্ৰেছৰ ৷ মন্ত্ৰী ড৹ শৰ্মাই হাগ্ৰামা মহিলাৰীক জেললৈ প্ৰেৰণ কৰাৰ কথা ৰাজহুৱাকৈ কৈ নিয়া-ৰ তদন্তৰ আওতালৈ অনাৰ ভাবুকি স্বৰূপ বক্তব্যৰ পাছতে মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে কংগ্ৰেছে ৷

congress submits complain against minister himanta biswa sarma
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক কংগ্ৰেছৰ অভিযোগ

By

Published : Mar 31, 2021, 7:57 AM IST

গুৱাহাটী,31 মাৰ্চ:মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গোচৰ ৰুজু কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাহিৰত ৰখাৰ দাবী জনাইছে কংগ্ৰেছে ৷ মঙলবাৰে এই দাবী উত্থাপন কৰি কংগ্ৰেছৰ এটা শীৰ্ষ দলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰত অভিযোগ পত্র দাখিল কৰে ৷

মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থীত্বক অযোগ্য ঘোষণা কৰাৰ দাবী কংগ্ৰেছৰ

উল্লেখ্য যে, মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক জেললৈ প্ৰেৰণ কৰাৰ কথা ৰাজহুৱাকৈ কৈ নিয়া-ৰ তদন্তৰ আওতালৈ অনাৰ কথা কৈছিল ৷ হাগ্ৰামাৰ বিৰুদ্ধে তেওঁৰ হাতত যথেষ্ট তথ্য থকাৰ কথাও সদৰী কৰিছিল ৷

এই সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ পত্ৰ দাখিল কংগ্ৰেছৰ

মন্ত্রীগৰাকীৰ ভাবুকি স্বৰূপ বক্তব্যক সহজভাৱে লোৱা নাই বিৰোধী দল কংগ্ৰেছে ৷ কংগ্ৰেছে বিপিএফৰ মুৰব্বী গৰাকীৰ পক্ষত থিয় দি মঙলবাৰে গুৱাহাটীত প্ৰতিক্ৰিয়া প্ৰকাশৰ পাছতে দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ এটা দলে মুখ্য নিৰ্বাচন আয়ুক্তক এক অভিযোগ পত্র দাখিল কৰে ৷

মন্ত্ৰী ড৹ শৰ্মাই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কৰা ভাবুকিসূচক মন্তব্যৰ পাছতে এই পদক্ষেপ কংগ্ৰেছৰ

অভিযোগ পত্র যোগে কংগ্ৰেছে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্বক অযোগ্য ঘোষণা কৰাৰ দাবী জনোৱাৰ লগতে মন্ত্রী শৰ্মাক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰা আঁতৰত ৰখাৰ দাবী জনায় ৷ তদুপৰি মন্ত্রীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো দাবী জনোৱা হয় ৷ উল্লেখ্য যে, ‍বিজেপিৰ এক বিজ্ঞাপনক সন্দৰ্ভতো কংগ্ৰেছে আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷

লগতে পঢ়ক:মন্ত্ৰিত্বৰ প্ৰসংগ: আজমল জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড নহয়

ABOUT THE AUTHOR

...view details