গুৱাহাটী,১০ এপ্ৰিল :ৰাজ্য চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটখন যে অবাস্তৱ এখন বাজেট আছিল সেয়া কংগ্ৰেছ দলে সেই সময়তে কৈছিল । পাছত এই কথা কেগৰ শেহতীয়া প্ৰতিবেদনত প্ৰতিফলিত হৈছে (Congress reacts over CAG report)। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে এই কথা সদৰি কৰে । তেওঁ কয় যে, যোৱা ৬ এপ্ৰিলত কেগৰ প্ৰতিবেদনত ৰাজ্য চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটখনৰ সন্দৰ্ভত কেতবোৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ।
কেগৰ প্ৰতিবেদন মতে ২০২১-২২ বৰ্ষৰ বাজেটখন অবাস্তৱ বাজেট আছিল । লগতে অনুমান আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি বাজেটখন প্ৰস্তত কৰা হৈছিল । তেওঁ কয় যে, এই কথা সেই সময়ত বাজেটখন সন্দৰ্ভত কংগ্ৰেছ দলে সমালোচনা কৰি কৈছিল (Congress reacts on Assam budget)। সেই সময়ত বাজেটখন সন্দৰ্ভত কংগ্ৰেছ দলে যিবোৰ সমালোচনা কৰিছিল সেই কথাবোৰে কেগৰ প্ৰতিবেদনত প্ৰতিফলিত হৈছে । কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে কেগৰ প্ৰতিবেদনৰ তথ্য উল্লেখ কৰি কয় যে, বকেয়া ঋণ ২০১৭-১৮ বৰ্ষৰ ৪৯,২৭৪.৮৮ কোটি টকাৰ পৰা ২০২১-২২ বৰ্ষত ৯৯,৯১৮.৫৪ কোটি টকালৈ দ্রুতগতিত বৃদ্ধি পাইছে ।
আনহাতে, মুকলি বজাৰৰ পৰা অধিক ঋণ লোৱাৰ বাবে ঋণ আৰু মুঠ বাৰ্ষিক ঘৰুৱা উৎপাদনৰ অনুপাত ২০১৭-১৮ বৰ্ষত ১৭.৪০ শতাংশৰ পৰা ২০২১-২২ বৰ্ষত ২৩.০৩ শতাংশ লৈ বৃদ্ধি পাইছে । প্রতিবেদনত আৰু উল্লেখ আছে যে ২০২১-২২ বৰ্ষত বিভিন্ন কেন্দ্রীয় আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে স্থানীয় সংস্থা বা ব্যক্তিগত প্রতিষ্ঠানসমূহক প্ৰদান কৰা অনুদানৰ ফলত ৬,১৬৮.৫৯ কোটি টকাৰ শ্ৰেণী বিভাজন ভুল হৈছিল । ফলত ৰাজহ ব্যয়ৰ পৰিৱৰ্তে মূলধনী ব্যয় অতিৰিক্তভাৱে দেখুওৱা হৈছিল । কেগৰ প্রতিবেদনত উল্লেখ থকা অনুসৰি ২০২১-২২ বৰ্ষত ৰাজ্য চৰকাৰৰ বাজেটীয় ধাৰণাবোৰ অবাস্তৱ আৰু অতিৰিক্তভাৱে প্রাক কলন হৈ আহিছিল ।
কেগৰ হিচাপ পৰীক্ষা অনুসৰি ২০০১-২০০২ ৰ পৰা ২০২০-২১ লৈ ৰাজ্য চৰকাৰৰ ৫২ টা বিভাগলৈ আগবঢ়োৱা ৩৬,৬৮৭.৮৪ কোটি টকাৰ ১৩,৬৮২ খন ব্যৱহাৰিক প্রমাণ-পত্র দাখিল কৰা হোৱা নাছিল । ব্যৱহাৰিক প্ৰমাণ-পত্ৰ নথকাৰ ফলত যি উদ্দেশ্যত অনুদান দিয়া হৈছিল প্রাপকে সেই উদ্দেশ্যত ব্যৱহাৰ কৰিছিল নে নাই, লক্ষ্য নিৰ্দ্ধাৰিত সম্পদ সৃষ্টি কৰিব পাৰিছিল নে নাই সেইটো নিশ্চিত কৰিব পৰা নগ'ল ।