অসম

assam

ETV Bharat / state

কৃষক আইন বাতিলৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ - বিজেপি চৰকাৰ

মহানগৰৰ ভৰলুমুখত কংগ্ৰেছৰ প্ৰতিবাদ ৷ কৃষক আইন বাতিলৰ দাবীত এই প্ৰতিবাদ ৷ লগতে,বিভিন্ন ধৰণৰ দাবী উত্থাপন কংগ্ৰেছৰ ৷

Congress protests in Guwahati over repeal of farmers' law
কৃষক আইন বাতিলৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Oct 10, 2020, 5:09 PM IST

গুৱাহাটী, 10 অক্টোবৰ :ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শনিবাৰেগুৱাহাটী মহানগৰীৰ ভৰলুমুখত কংগ্ৰেছ কমিটীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি চৰকাৰৰ শেহতীয়া নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।

কৃষক আইন বাতিলৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

উল্লেখ্য যে,কিছুদিন পূৰ্বে গৃহীত হোৱা কৃষক বিৰোধী কলা আইন বাতিলৰ দাবী উত্থাপন কৰে ভৰলুমুখ ব্লক কংগ্ৰেছ কমিটীয়ে । লগতে, অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি, অসম আৰক্ষীৰ পৰীক্ষা কেলেংকাৰী,চৰকাৰী প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।

প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, মোদী চৰকাৰ গ' বেক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ভৰলুমুখ ব্লক কংগ্ৰেছ কমিটীৰ সদস্যসকলে । শীঘ্ৰেই ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহ পালন নকৰিলে আগন্তুক দিনত ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কংগ্ৰেছৰ সদস্য সকলৰ ।

লগতে পঢ়ক :লখিমপুৰত উদ্ধাৰ বিগত 9 মাহে বন্দী কৰি ৰখা মহাৰাষ্ট্ৰৰ এজন লোক

ABOUT THE AUTHOR

...view details