গুৱাহাটী,২৮ এপ্ৰিল :গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰক (Jignesh Mevani arrested by Assam police) লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ পাছতে অসমৰ ভিন্ন প্ৰান্তত কংগ্ৰেছৰ প্ৰতিবাদো অব্যাহত আছে (Congress protest against unconstitutional arrest of Jignesh Mevani)।
জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তি কৰি দিয়াৰ দাবীত পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে (Congress protest in Guwahati)। কংগ্ৰেছৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী প্ৰতিবাদকাৰীসকলে পুৱা ৰাজীৱ ভৱনৰ সন্মুখত মিলিত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায়, প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ কৰা নচলিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।
কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছ নেতা নুৰুল হুদাই কয় যে, আৰক্ষীয়ে এটাৰ পিছত এটা মিছা গোচৰ জাপি দি দলিত নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে । প্ৰথমে কোকৰাঝাৰত এটা গোচৰত মেৱানীক গ্ৰেপ্তাৰ কৰাৰ পিছত জামিন পালে । তাৰ পিছতে আন এক মিছা গোচৰ জাপি দি বৰপেটা আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰে (MLA Jignesh Mevani arrested in Assam)।