গুৱাহাটী,২ জুন :অসম চৰকাৰৰ পিপিই কিট কেলেংকাৰীৰ বিষয়টোৱে সম্প্ৰতি উত্তাল কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি (PPE Kit scam in Assam)। ক'ভিডকালীন পৰিৱেশৰ মাজত তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে । সংবাদমাধ্যমত এই কেলেংকাৰী সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাও দেখা গৈছে । এইবাৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে (Congress protests demanding probe into PPE Kit scam)।
কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটীত পিপিই কিট পৰিধান কৰি কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Congress protest in Guwahati)। কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গান দিয়া দেখা যায় । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে ভয়ংকৰ ক'ভিড পৰিস্থিতিৰ মাজত ২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ ‘ৰাণ-ৱে'ত ‘ব্লু-ডাৰ্ট’ৰ এখন সামগ্ৰী পৰিবাহী বিমানৰ সন্মুখত তেতিয়াৰ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই থিয় হৈ চীন দেশৰ পৰা অসমে ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৫০,০০০ বিশেষ পি পি ই কিট আমদানি কৰি আনিছে বুলি প্ৰচাৰ কৰিছিল ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা যে ফাঁকিবাজ এতিয়া ওলাই পৰিছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে । নেতাগৰাকীয়ে উল্লেখ কৰা মতে এক ‘আৰ টি আই’ৰ উত্তৰত অসম চৰকাৰৰ ক'ভিড প্ৰতিৰোধী সকলো সা-সামগ্রী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে অতি স্পষ্টভাৱে জনাই দিছে যে চীনৰ পৰা ক’ভিড প্ৰতিৰোধ অভিযানৰ কোনো সা-সামগ্ৰী ক্ৰয় কৰা হোৱা নাছিল । 'আৰ টি আই'ৰ উত্তৰত কোৱা হৈছে ২০২০ চনৰ ১৮ মাৰ্চৰ পৰা ২০২২ চনৰ ৪ জানুৱাৰীলৈকে অসমলৈ ৫০,০০০ পিপিই কিট যোগানৰ কোনো তথ্য নাই ।