অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীৰে বিধানসভাত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী - বিধানসভাত কংগ্ৰেছৰ প্ৰতিবাদ

গনেশগুৰিৰ গণেশ উদ্যানত কংগ্ৰেছক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অনুমতি নিদিলে প্ৰশাসনে ৷ অখিল গগৈৰ মুক্তি,বান সাহাৰ্য,মূল্যবৃদ্ধি ৰোধ আৰু ক’ৰণাৰ নামত ৰাজনীতি বন্ধ কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট কংগ্ৰেছৰ ৷

congress demands immediate release of akhil gogoi
বিধানসভা চৌহদত কংগ্ৰেছৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

By

Published : Jul 20, 2020, 3:17 PM IST

Updated : Jul 20, 2020, 6:41 PM IST

গুৱাহাটী, ২০ জুলাইঃ চাৰিটা দাবী উত্থাপন কৰি কংগ্ৰেছ দলে আজি বিধানসভা চৌহদত পালন কৰিলে এক অৱস্থান ধৰ্মঘাট কাৰ্যসূচী ৷ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ তাৎক্ষণিক মুক্তি,কেন্দ্ৰই শীঘ্ৰে অসমলৈ বান সাহাৰ্য মুকলি কৰি দিয়া,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আৰু ক’ৰণাৰ নামত ৰাজনীতি বন্ধ কৰাৰ দাবীৰে দুঘণ্টীয়া ধৰ্মঘট কাৰ্ষসূচী পালন কৰে বিৰোধী দলটোৱে ৷

বান সাহাৰ্যৰ নামত চৰকাৰে ভেঁকো ভাওনা কৰাৰ অভিযোগ সাংসদ অজিত কুমাৰ ভূঞাৰ

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে এই প্ৰতিবাদী কাৰ্যসূচীত তিনিগৰাকী সাংসদ ক্ৰমে আব্দুল খালেক,গৌৰৱ গগৈ আৰু অজিত কুমাৰ ভূঞাৰ লগতে অংশগ্ৰহণ কৰে কেইবাগৰাকীও বিধায়কে ৷

অখিল গগৈৰ মুক্তিৰ দাবী সজোৰে উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সমালোচনা কৰি কয় যে,বান সাহাৰ্যৰ নামত চৰকাৰে কাৰ্যতঃ কোনো কামেই কৰা নাই । ছমাহতকৈও অধিক সময় কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী সজোৰে উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

উল্লেখযোগ্য যে,আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী গণেশগুৰিৰ গণেশ উদ্যানত ৰূপায়ণৰ বাবে দেৱব্ৰত শইকীয়াই মহানগৰীৰ আৰক্ষী আয়ুক্তক আবেদন জনাইছিল যদিও প্ৰশাসনে অনুমতি প্ৰদান নকৰিলে,যাৰ বাবে বিধানসভাৰ চৌহদতে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে কংগ্ৰেছ দলে ৷

লগতে পঢ়কঃবানৰ পাছত দিখৌমুখত গৰাখহনীয়াৰ তাণ্ডৱ

Last Updated : Jul 20, 2020, 6:41 PM IST

ABOUT THE AUTHOR

...view details