অসম

assam

ETV Bharat / state

Congress legislature party protest: কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিবাদত উত্তাল বিধানসভা চৌহদ - Rahul Gandhi Modi surname issue

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । ইয়াৰ মাজতে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰৰ দিনা আৰম্ভনিতে কংগ্ৰেছৰ বিধায়কসকলে ক'লা পোছাক পৰিধান কৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Congress protest in Assembly campus) ।

Congress protest in Assembly campus
কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিবাদত উত্তাল বিধানসভা চৌহদ

By

Published : Mar 29, 2023, 1:03 PM IST

কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিবাদত উত্তাল বিধানসভা চৌহদ

গুৱাহাটী,২৯ মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে বুধবাৰে অসম বিধানসভা চৌহদত কংগ্ৰেছ বিধায়িনী দলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Congress protest in Assembly campus) । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰৰ দিনা আৰম্ভনিতে কংগ্ৰেছৰ বিধায়কসকলে ক'লা পোছাক পৰিধান কৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিধানসভা চৌহদ (Congress legislature party protest) ।

কংগ্ৰেছৰ প্ৰতিগৰাকী বিধায়কে ক'লা পোছাক হাতে হাতে প্লেকাৰ্ড লৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ তীব্ৰ বিৰোধিতা কৰে (Congress opposes Rahul Gandhi disqualification) । ৰাহুল গান্ধী জিন্দাবাদ, গণতন্ত্ৰ ৰক্ষা কৰক, একনায়কত্ববাদী শাসন ব্যৱস্থা নচলিব আদি প্ৰতিবাদী শ্ল'গানেৰে কংগ্ৰেছৰ বিধায়কসলে বিধানসভাৰ চৌহদ উত্তাল কৰি তোলে । উল্লেখ্য যে ২০১৯ চনত ৰাহুল গান্ধীয়ে মোডী উপাধি সম্পৰ্কে এক মন্তব্য কৰিছিল (Rahul Gandhi Modi surname issue) ।

সেই মন্তব্যৰ ভিত্তিতে মানহানিৰ গোচৰ ৰুজু হৈছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে । চুৰাটৰ এখন ন্যায়ালয়ে বৃহস্পতিবাৰে সেই গোচৰৰ ভিত্তিতে ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এমাহৰ জামিনো প্ৰদান কৰিছিল । ইয়াৰ পিছৰ দিনাই অৰ্থাৎ শুকুৰবাৰে তাৎক্ষণিকভাৱে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল ।

যাকলৈ সমগ্ৰ দেশজুৰি বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে সকলো বিৰোধী দলে একেমুখে ইয়াৰ বিৰোধিতা কৰি বিজেপিক সমালোচনাৰে থকা-সৰকা কৰিছে । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে কংগ্ৰেছে দেশজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে । গুৱাহাটীতো প্ৰদেশ কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰতিবাদ । তাৰেই অংশ স্বৰূপে বুধবাৰে কংগ্ৰেছ বিধায়িনী দলে বিধানসভা চৌহদত ক'লা পোছাক পৰিধান কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

কেৱল কংগ্ৰেছেই নহয় সমগ্ৰ দেশজুৰি বিভিন্ন দল-সংগঠনেও এই কাণ্ডৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ । BJP য়ে স্বেচ্ছাচাৰী শাসন চলোৱা বুলি তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে সমগ্ৰ ৰাজ্য়ত ।

লগতে পঢ়ক:Ashokashtami 2023: অশোকাষ্টমী মেলাৰ আজি পৱিত্ৰ অশোকাষ্টমী স্নান

ABOUT THE AUTHOR

...view details