গুৱাহাটী, ১৫ মাৰ্চ :বিধানসভাৰ বাজেট অধিবেশনৰ বুধবাৰে চতুৰ্থদিনা কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিধানসভা চৌহদ (congress protest at Assam assembly premises) । মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগক লৈ কংগ্ৰেছে বিধানসভা চৌহদত অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্রীয়ে পদত্যাগ কৰক আদি শ্লোগানেৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে (congress protest against HSLC paper leak) । প্ৰতিবাদেৰে উত্তাল কৰি তোলে বিধানসভা চৌহদ । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে প্লে'-কাৰ্ড লৈ প্ৰশ্নকাকত ফাদিলৰ উচিত তদন্ত দাবী কৰে (congress protest against SEBA) ।
প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "ঘটনাৰ তদন্ত চি আই ডিয়ে ভালদৰে কৰক । আমি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ যোগেদি তদন্ত কৰাৰ দাবী জনাইছিলোঁ ।" আনহাতে, এই ঘটনাত জড়িতসকলক শাস্তি দিয়াৰ দাবী জনাই তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ক্ষেত্রত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া বিধানসভাত স্পষ্টভাৱে জনাব লাগে (SEBA HSLC question paper leak) । বহু শিক্ষাৰ্থীয়ে ভয় খাই আছে যে প্ৰশ্নকাকত ক্ৰয় কৰি বহুতে শীৰ্ষস্থান দখল কৰিবলৈ গৈ আছে ।