গুৱাহাটী, ২৫ মাৰ্চ :কংগ্ৰেছ নেতা তথা কেৰালাৰ ৱায়নাড় সমষ্টিৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদত কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (congress protest against Rahul Gandhi disqualification) । অসমতো কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ তীব্ৰ প্ৰতিবাদ জনাইছে অসম প্ৰদেশ কংগ্ৰেছে (APCC protest against Rahul Gandhi disqualification) ।
তাৰে অংশ হিচাপে শনিবাৰে অসমৰ বিভিন্ন ঠাইৰ লগতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছে । অসম কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছে দিছপুৰ বিধানসভা চৌহদৰ পৰা ৰাজভৱন অভিমুখে এক প্ৰতিবাদী যাত্ৰা কৰে (congress protest rally from Janata Bhaban) । কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ আদি নেতাৰ নেতৃত্বত কংগ্ৰেছৰ শ শ প্ৰতিবাদকাৰী গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Rahul Gandhi Modi surname issue) ।
কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা আৰু লোকসভা সচিবালয়ক এই নিৰ্দেশনা উঠাই ল'বলৈ দাবী জনাই বিজেপিবিৰোধী বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে । ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয় । প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰে কয় যে দেশৰ সাংবিধানিক গণতন্ত্ৰ আজি বিপদাপন্ন ।