দক্ষিণ কামৰূপ, 24 আগষ্টঃ সোমবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ চৌহদ ৷ বিগত 19 আগষ্টত বৰঝাৰ বিমানবন্দৰসহ জয়পুৰ আৰু তিৰুৱানন্তপুৰম বিমানকোঠ ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ তাৰে পৰিপ্ৰেক্ষিতত 50 বছৰৰ বাবে বিমানবন্দৰটো আদানী গ্ৰুপক গতাই দিয়াৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত সাব্যস্ত কৰা হয় প্ৰতিবাদ । কংগ্ৰেছৰ সমান্তৰালকৈ বিমানবন্দৰৰ কৰ্মচৰীসকলেও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে পৃথকে পৃথকে সাব্যস্ত কৰে প্ৰতিবাদ ৷
প্ৰতিবাদত উত্তাল হ’ল বৰঝাৰ বিমানবন্দৰ - বৰঝাৰ বিমানবন্দৰৰ ব্যক্তিগতকৰণ
সোমবাৰে বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত বিমানবন্দৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীত ৰকিবুল হুছেইনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, কংগ্ৰেছ দলত মুখ্যমন্ত্ৰী হ’বলৈ নোপোৱাৰ বাবে যিগৰাকী পুৰণি বন্ধুৱে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল তেখেত পুনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈ দললৈ উভটিব বিচাৰিলে ৰকিবুল হুছেইনে ব্যক্তিগতভাৱে তেখেতক সমৰ্থন জনাব ৷ আনহাতে, কংগ্ৰেছৰ মহাজোঁটবন্ধন জৰিয়তেই আগন্তুত 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰখনক শাসনচ্যুত কৰিব বুলি মন্তব্য কৰে প্ৰক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷
লগতে পঢ়ক-ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰি আটক মালিক