অসম

assam

ETV Bharat / state

ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ সংবাদমেল - congress press meet bhupesh baghel

গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ছত্তিশগড়ৰ মুখ্যমন্ত্রী বাঘেলে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁৰ মতে অসমৰ ৰাইজে এইবাৰ অসম ৰক্ষা কৰাৰ বাবে বিজেপিক প্ৰতিহত কৰিব আৰু 'কা'ৰ বিৰুদ্ধে জয়ৰ মোহৰ লগাব । মুখ্যমন্ত্ৰী গৰাকীৰ অভিযোগ 'কা' সন্দৰ্ভত বিজেপিৰ স্থিতি ঠাই অনুযায়ী পৃথক ৷ পশ্চিমবংগত প্ৰথম কেবিনেটতে 'কা' বলৱৎ কৰাৰ কথা কোৱা বিজেপি নেতাই তামিলনাডুত 'কা' বলৱৎ নকৰাৰ কথা কয় । অসমত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্রী হিমন্ত বিশ্ব শৰ্মা 'কা' ৰ প্ৰসংগত সম্পূৰ্ণ নীৰৱ বুলি দাবী কৰে মুখ্যমন্ত্ৰী বাঘেলে ।

ছট্টিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ সংবাদমেল
ছট্টিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ সংবাদমেল

By

Published : Mar 25, 2021, 3:44 PM IST

গুৱাহাটী,২৫ মাৰ্চ: "নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ক লৈ বিজেপিৰ স্থিতি ঠাই ভেদে বেলেগ বেলেগ । সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা বিজেপিয়ে ভয়-ভাবুকিৰে ভোট আদায় কৰিব বিচাৰিছে"- এই অভিযোগ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ছত্তিশগড়ৰ মুখ্যমন্ত্রী বাঘেলে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে । বাঘেলে কয় যে অসমৰ ৰাইজে এইবাৰ বিজেপিক ঠগ-প্ৰৱঞ্চনাৰ উচিত প্ৰত্যুত্তৰ দিব ।

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে, বিগত দুটা সপ্তাহ ধৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৪৭ টা সমষ্টিৰ অধিকাংশতে তেওঁ গৈছে আৰু ৰাইজৰ মনৰ কথাৰ বুজ লৈছে । তেওঁৰ মতে বিজেপিয়ে দিয়া পূৰ্বৰ মিছা প্ৰতিশ্ৰুতিৰ কথা পাহৰা নাই ৰাইজে । বিজেপিৰ বিৰুদ্ধে ভিন্ন অভিযোগ উত্থাপন কৰি তেওঁ কয় যে মাজুলীৰ মানুহেও বিজেপিৰ ঠগ-প্ৰৱঞ্চনাৰ কথা পাহৰা নাই । "দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ নহ'ল । পাঁচ বছৰত মাত্র আধাৰশিলাহে কৰিলে" ৷ বিজেপিয়ে কোনো এটা প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ ।

সেয়ে এতিয়া বিজেপিয়ে আগৰ প্ৰতিশ্ৰুতিৰ কথা ক'বলৈ সাহস নকৰে বুলিও দাবী কৰি তেওঁ কয় যে বিজেপিয়ে ভয়-ভাবুকিৰ কথা কয় । তেওঁৰ দাবী অসমৰ ৰাইজে এইবাৰ অসম ৰক্ষা কৰাৰ বাবে বিজেপিক প্ৰতিহত কৰিব । লগতে 'কা' ৰ বিৰুদ্ধে জয়ৰ মোহৰ লগাব । বাঘেলৰ অভিযোগ 'কা' সন্দৰ্ভত বিজেপিৰ স্থিতি ঠাই অনুযায়ী পৃথক । পশ্চিমবংগত প্ৰথম কেবিনেটতে 'কা' বলৱৎ কৰাৰ কথা কোৱা বিজেপি নেতাই তামিলনাডুত 'কা' বলৱৎ নকৰাৰ কথা কয় । অসমত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্রী হিমন্ত বিশ্ব শৰ্মা 'কা' ৰ প্ৰসংগত সম্পূৰ্ণ নীৰৱ বুলি দাবী কৰে মুখ্যমন্ত্ৰী বাঘেলে ।

বাঘেলৰ মতে কংগ্ৰেছৰ স্থিতি স্পষ্ট । কংগ্ৰেছে 'কা' কোনো কাৰণতে প্ৰযোজ্য হ'বলৈ দিয়া নিদিয়ে । তেওঁ আশাবাদী যে অসমৰ ৰাইজে মহাজোঁটক বিপুল ভোটত জয়ী কৰাই শাসনৰ বাঘজৰী প্ৰদান কৰিব ৷ কংগ্ৰেছৰ চৰকাৰ হোৱাৰ লগে লগে তেওঁলোকৰ পাঁচটা গেৰাণ্টি কাৰ্যকৰী কৰাৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰী বাঘেলে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বাঘেলে কয় যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অধিকাংশ সমষ্টিতে কংগ্ৰেছৰ জয় নিশ্চিত । মহাজোঁট কৰিলেও মুখ্যমন্ত্রী কংগ্ৰেছৰ পৰাই হ'ব আৰু অসমৰ ভূমিপুত্র হ'ব ।

তেওঁৰ মতে শিৱসাগৰত কংগ্ৰেছৰ জয় নিশ্চিত । "ভোট বিভাজনৰ বাবে প্ৰাৰ্থিত্ব দিয়া দলৰ বিষয়ে অসমৰ ৰাইজে ভালদৰে জানে । গতিকে কংগ্ৰেছৰ এইক্ষেত্রত কোনো শংকা নাই" প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ দৰে মহান নেতাৰ কথা কোনেও পাহৰিব নোৱাৰে । তেখেতৰ অৱদানৰ কথা স্মৰণ কৰি তেখেতে দেখুওৱা পথেৰেই কংগ্ৰেছ আগুৱাই গৈছে ।

সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে কয় যে বিজেপিয়ে বিগত পাঁচ বছৰত কোনো ধৰণৰ হিংসা হোৱা নাই বুলি কৈছে । কিন্তু তেওঁলোকে 'কা' ৰ কথা পাহৰি গ'ল । 'কা' ৰ বিৰোধিতা কৰাৰ বাবেই পাঁচজনকৈ লোকক গুলিয়াই হত্যা কৰা হ'ল । "এতিয়া বিজেপিয়ে 'কা' ৰ কথা নকয় । বিজেপিৰ ১০০+ প্ৰকৃততে পেট্ৰ'লৰ মূল্য । আমাক অসমৰ ৰাইজে ১০১ দিব" ৷

উল্লেখ্য যে, পাঁচটা গেৰাণ্টিক লৈ কংগ্ৰেছ বিশেষভাৱে আশাবাদী হৈ আছে । ইয়াৰ বাবে ছত্তিশগড়ৰ এটা বৃহৎ দলেও কাম কৰি আছে ।

লগতে পঢ়ক:বঙাইগাঁৱত ভুৱা সেনাসহ জব্দ বিদেশী সুৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details