গুৱাহাটী,১৭ মাৰ্চঃএইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব । অসমৰ ৰাইজে বিজেপিৰ অপশাসনৰ পৰা মুক্ত হ'ব বিচাৰিছে । এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাতৰ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে কয়-' বিজেপিয়ে প্ৰতিশ্ৰুতি দি শাসনভাৰ লাভ কৰিলে যদিও এটাও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে । আমি প্ৰতিশ্ৰুতি দিয়া নাই, গেৰাণ্টি দিছো । আমাৰ চৰকাৰ হ'লে আমি আমাৰ পাঁচটা গেৰাণ্টি প্ৰথমে কাৰ্যকৰী কৰিম । পাঁচ বছৰত পাঁচ লাখ চৰকাৰী চাকৰি, 'কা' বাতিল, চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকা, ২০০ ইউনিট বিজুলী বিনামূল্যে আৰু গৃহিণীক মাহে দুই হাজাৰকৈ টকা দিয়াৰ গেৰাণ্টি আমাৰ । গৃহিণীক আমি তেওঁলোকৰ কামৰ মৰ্যদা দিব বিচাৰিছো । ষ্টাডি অনুসৰি গৃহিণীসকলে এবছৰত কৰা কামৰ মূল্য হিচাপ কৰিলে হয় ১০ ত্রিলিয়ন ডলাৰ । যিটো বিশ্বৰ শীৰ্ষৰ ৫০ টা কোম্পানীৰ আয়ৰো বেছি । গৃহিণীসকলক তেওঁলোকে কৰা কামৰ কোনো মূল্য তথা মৰ্যাদা দিয়া নহয় । আমি গৃহিণীসকলক সন্মান দিয়াৰ বাবেই মাহে দুই হাজাৰ টকা দিম ।'
তেওঁ লগতে কয়-' বিজেপি চৰকাৰৰ দিনত অসমৰ মহিলাসকল সুৰক্ষিত নহয় । এন চি আৰ টিৰ তথ্য মতে বিগত তিনি বছৰ ধৰি নাৰীজনিত অপৰাধৰ ক্ষেত্রত অসম দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে । আমাৰ চৰকাৰ হ'লে নাৰীৰ সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । বিজেপি চৰকাৰৰ দিনতে মূল্যবৃদ্ধিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিলে । ইয়াৰ দ্বাৰা গৃহিণীসকল প্ৰভাৱিত হৈছে । ইন্ধনৰ মূল্যবৃদ্ধি হোৱাৰ ফলত সা-সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ মতে জিডিপি মানে গেছ-ডিজেল-পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে ।