গুৱাহাটী. 7 ফেব্ৰুৱাৰী : প্রধানমন্ত্ৰী মোডীৰ ভাষণৰ পূৰ্বে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্রীৰ ভাষণ দেখি এনেকুৱা লাগিল যেন পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে অডিচন চলি আছিল । যিদৰে IPL ৰ বাবে অডিচন চলে, ঠিক তেনেদৰে মুখ্যমন্ত্ৰী পদৰ অডিচন দিলে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই । লগতে মোদীৰ ভাষণ শুনি এনে লাগিল যেন তেওঁ অডিচনত কোন পৰৱৰ্তী মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ'ব সেয়া মনে মনে ঠিক কৰিছে । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি এইদৰেই আক্ৰমনাত্মক হোৱা দেখা গ’ল সাংসদ গৌৰৱ গগৈক ৷ ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি এইদৰে আক্ৰমণ কৰিলে গৌৰৱ গগৈয়ে ৷
উল্লেখ্য যে, দেওবাৰে এদিনীয়া ভ্ৰমণসূচীৰে ঢেকীয়াজুলিত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ঢেকীয়াজুলিৰ জনসভাত অসমবাসীক উদ্দেশ্যী ভাষণ আগবঢ়াইছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণ আগবঢ়োৱাৰ পিচতেই তেওঁৰ ভাষণৰ প্ৰতিক্ৰিয়া আগবঢ়ালে প্ৰদেশ কংগ্ৰেছে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷
সংবাদমেলত প্ৰধানমন্ত্ৰী গৰাকীক কটাক্ষ কংগ্ৰেছ সাংসদ গৰাকীৰ ৷ মোডী চৰকাৰৰ দিনত বিগত 50 বৰ্ষৰ ভিতৰত নিবনুৱা সমস্যা অধিক জটিল হৈছে ৷ অসমতো নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ ফলত যুৱ প্ৰজন্ম হতাশ হৈছে ৷ মোডী চৰকাৰে অসমৰ মানুহক ৰঙীন চশমা পিন্ধোৱাৰ চেষ্টা কৰাৰ বাহিৰে একো নকৰিলে ৷ আমি আশা কৰিছিলো প্ৰধানমন্ত্ৰীয়ে ঢেকীয়াজুলিত অসমৰ সমস্যা তুলি ধৰিব । কিন্তু আজিৰ সভাত সংস্থাপনৰ সম্পৰ্কে এটাও শব্দ উচ্চাৰণ নকৰিলে প্ৰধানমন্ত্ৰীয়ে ৷