অসম

assam

By

Published : Jun 26, 2021, 7:34 PM IST

ETV Bharat / state

হঠাৎ মাজুলীক লৈ কংগ্ৰেছৰ মূৰৰ কামোৰণি: গঠন কৰিলে বিশেষ সমিতি

মাজুলীক লৈ তৎপৰ হৈ উঠিছে কংগ্ৰেছ দল । হঠাৎ এখন বিশেষ সমিতি গঠন কৰি তাৎক্ষণিকভাৱে মাজুলীলৈ ৰাওনা হ’বলৈ কোৱা হৈছে সমিতিখনত ৷

congress-party-shows-sudden-interest-in-majuali-lac
সাম্ভাৱ্য সৰ্বাহীন মাজুলীক লৈ কংগ্ৰেছৰ কুচকাৱাজ

গুৱাহাটী, ২৬ জুন : হঠাৎ মাজুলীক লৈ বিশেষভাৱে তৎপৰ হৈ উঠিছে কংগ্ৰেছ দল । প্ৰদেশ কংগ্ৰেছে শনিবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক(AICC general secretary) তথা প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাৰ নেতৃত্বত এখন বিশেষ সমিতি গঠন কৰি দিছে । যিখন সমিতিক তাৎক্ষণিকভাৱে মাজুলীলৈ ৰাওনা হ’বলৈ কোৱা হৈছে আৰু মাজুলীত দলৰ শেহতীয়া সাংগঠনিক অৱস্থাৰ বুজ লৈ দলীয় কাম-কাজত নামি পৰিবলৈ নিৰ্দেশ দিয়া হৈছে । স্বাভাৱিকতে প্ৰশ্ন উঠিছে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টি(LAC) থাকোতে কেৱল মাজুলীক লৈহে কংগ্ৰেছ(Congress)ৰ মুৰৰ কামোৰণি আৰম্ভ হ'ল কিয় ?

পিছে উৰহী গছৰ ওৰ ক’ৰবাত মাজুলীৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল(EX CM Sarbanada Sonowal) কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটো একপ্ৰকাৰ নিশ্চিত হোৱাৰ লগে লগে চৌদিশে চৰ্চা চলিছে মাজুলীত সাম্ভাব্য উপ নিৰ্বাচন(by election)ৰ বিষয়ে । সোণোৱালে মাজুলীক সেৱা জনাই দিল্লীমুখী হোৱাৰ লগে লগেই মাজুলীত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । তেনেক্ষেত্ৰত মাজুলীত বিজেপিৰ প্ৰাৰ্থী কোন হব ?

সাম্ভাৱ্য সৰ্বাহীন মাজুলীক লৈ কংগ্ৰেছৰ কুচ-কাৱাজ

এনে সময়তে বিজেপি আৰু কংগ্ৰেছ উভয় দলৰে বাহিৰে ভিতৰে ব্যাপক চৰ্চা চলিছে যে মাজুলীৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক, প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুৱে যিকোনো সময়তে কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা বাহিনীত যোগ দিয়াটো প্ৰায় নিশ্চিত ৷

আনহাতে, বিজেপিত যোগ দিলেই মাজুলীৰ আগন্তুক উপ নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী হ’ব ৰাজীৱলোচন পেগু । মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই মাজুলী ভ্ৰমণলৈ যোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাক মাজুলীৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰি গামোচা পিন্ধাই আদৰণি জনাইছিল কংগ্ৰেছ নেতা ৰাজীৱলোচন পেগুৱে । সেইদিনাই যেন একপ্ৰকাৰ এই কাৰ্যৰ জৰিয়তে খুব সোনকালেই গেৰুৱা হোৱাৰ ইংগিত দিছিল কংগ্ৰেছ নেতাজনে ।

এতিয়া সোণোৱালে মাজুলী ত্যাগ কৰাটো একপ্ৰকাৰ চূড়ান্ত হোৱাত কংগ্ৰেছ দলেও ভিতৰি ভিতৰি নিশ্চিত হৈছে যে, যিকোনো মুহুৰ্ততে কংগ্ৰেছক চিৰবিদায় দিব পাৰে ৰাজীৱলোচন পেগুৱে । যাৰ বাবে মাজুলীত দলৰ খহনীয়া ৰোধৰ বাবে আগতীয়াকৈ ব্যৱস্থা ল’ব খুজিছে কংগ্ৰেছ দলে । ইয়াৰেই ফলশ্ৰুতিত ভূপেন বৰাৰ নেতৃত্বত আজি গঠন কৰি দিয়া হৈছে এই বিশেষ সমিতি ।

লগতে পঢ়ক :ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি

ABOUT THE AUTHOR

...view details