গুৱাহাটী, 20 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছত দেশৰ অৱস্থা অস্থিৰ হৈ থকাৰ মাজতে কংগ্ৰেছ দলত যোগদানৰ বাবে ওলাই আহিছে জনতা । পূৰ্বতে বিজেপি দলৰ প্ৰতি থকা আস্থা হেৰুৱা বহু লোক আৰু বিজেপি দলৰ প্ৰতি মোহভংগ হৈ বিজেপি ত্যাগ কৰা লোকে দলে বলে যোগদান কৰিছে কংগ্ৰেছ দলত । হৰিশ ৰাৱত, তৰুণ গগৈ, ভূমিধৰ বৰ্মন, ৰিপুন বৰা আৰু দলৰ আন আন বিধায়কৰ উপস্থিতিত শুকুৰবাৰে ৰাজীৱ ভৱনত যোগদান কৰে শতাধিক লোকে । বিভিন্ন সংগঠন, উকীল লগতে চৰকাৰী কৰ্মচাৰীয়েও যোগদান কৰে কংগ্ৰেছ দলত ।
প্ৰতিবাদৰ মাজতে কংগ্ৰেছত যোগদান শতাধিক লোকৰ - congress party joining at guwahati
হৰিশ ৰাৱত, তৰুণ গগৈ, ভূমিধৰ বৰ্মন, ৰিপুন বৰা আৰু কংগ্ৰেছ দলৰ আন আন বিধায়কৰ উপস্থিতিত শুকুৰবাৰে ৰাজীৱ ভৱনত যোগদান কৰে শতাধিক লোকে

প্ৰতিবাদৰ মাজতে কংগ্ৰেছত যোগদান শতাধিক লোকৰ