অসম

assam

ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি কংগ্ৰেছৰ

30 অক্টোবৰত গুৱাহাটীৰ ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকলক গণেশগুৰিত কংগ্ৰেছ নেতৃত্বৰ শ্ৰদ্ধাঞ্জলি ।

By

Published : Oct 30, 2021, 8:34 PM IST

Published : Oct 30, 2021, 8:34 PM IST

congress-parties-tribute-to-serial-bomb-blast-victims
ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি কংগ্ৰেছৰ

গুৱাহাটী, ৩০ অক্টোবৰ : ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকলক গণেশগুৰিত শ্ৰদ্ধাঞ্জলি কংগ্ৰেছ নেতৃত্বৰ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে ৰাণা গোস্বামীও উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনায় । ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক ৰাজ আতিথ্য দিয়াৰ অভিযোগ কৰি কটাক্ষ ভূপেন বৰাৰ । তেওঁ কয় যে, এজন উপায়ুক্তই শ্ৰদ্ধাঞ্জলি পাতিছে আন এজন উপায়ুক্তই অতিথিশালাত ৰাজ আতিথ্য দিছে দৈমাৰীক ।

ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি কংগ্ৰেছৰ

ইয়াৰোপৰি, উপনিৰ্বাচন সন্দৰ্ভত মন্তব্য ভূপেন বৰাৰ উপ-নিৰ্বাচনত গ’ল কীপাৰ নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল । গ’ল কীপাৰ নাইকীয়া বুলি কোৱা বিৰোধীৰ বিপৰীতে তেওঁলোকে পঞ্চায়তে পঞ্চায়তে গৈ, গাঁৱে গাঁৱে গৈ, পদুলিয়ে-পদুলিয়ে গৈ ভোট ভিক্ষা কৰিবলগীয়া হৈছে । আজিৰ যি ভোট এই ভোট হ’ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে, নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ।

চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ ক্ষোভত ৰাইজে উপ নিৰ্বাচনত ভোট দিব ।

উপ নিৰ্বাচনত ৫ টা সমষ্টিত ৫০ খন নিৰ্বাচনী সভা মুখ্যমন্ত্ৰীয়ে কৰিছে । জনপ্ৰিয়তা যে কমিছে বাবে ভয় খাইছে । মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰ লগত বহু নাচে, গামোচা দিয়ে, শৰাই দিয়ে মাটিৰ দালালক । মাটিৰ দালালে অসমৰ মানুহক ২০০ টকা দিয়ে বুলি মন্তব্য কৰে তেওঁ ।

লগতে পঢ়ক :বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ গোঁসাইগাঁৱত ভোটদান

ABOUT THE AUTHOR

...view details