অসম

assam

ETV Bharat / state

Congress observed satyagrah: প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ উদ্যোগত সত্যাগ্ৰহ কাৰ্যসূচী - Congress slams bjp

বিজেপি দলৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ উদ্যোগত সত্যাগ্ৰহ কাৰ্যসূচী হাতত লোৱা হয় ৷ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে সাধাৰণ ৰাইজৰ বাকস্বাধীনতা কাঢ়ি লোৱাৰ লগতে অন্য বহু ক্ষেত্ৰত জনতাৰ হাৰাশাস্তি কৰাৰ অভিযোগ কংগ্ৰেছৰ (Congress observed satyagrah) ৷

congress observed satyagrah
সত্যাগ্ৰহ কাৰ্যসূচী

By

Published : Apr 6, 2023, 10:52 PM IST

সত্যাগ্ৰহ কাৰ্যসূচী

গুৱাহাটী, ৬ এপ্ৰিল: দেশত চলিছে কংগ্ৰেছৰ লোকতন্ত্ৰ বচাও সত্যাগ্ৰহ কাৰ্যসূচী । সমান্তৰালকৈ অসমত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ উদ্যোগত সত্যাগ্ৰহ কাৰ্যসূচী হাতত লোৱা হৈছে । বৃহস্পতিবাৰে দিছপুৰ লাষ্টগেটস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্স চৌহদত এই কাৰ্যসূচী পালন কৰে অসমত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলে । এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, কংগ্ৰেছৰ নেতা ৰাণা গোস্বামী প্ৰমুখ্যে কেইবাগৰাকী নেতা কৰ্মীয়ে (Congress observed satyagrah ) ।

সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভূপেন বৰাই কয় যে, আদানী আম্বানীৰ লগত মিলি মোডীয়ে দেশত লুঠৰাজ চলাইছে । তেওঁ কয়, "অসমত BJP দলটোক কেৱল মুখ্যমন্ত্ৰীয়ে চলাই, মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে কোনো বিধায়কে কথা নকয় । মুখ্যমন্ত্ৰীয়ে কিয় কোৱা নাই ৰূপজ্যোতিক যে তেওঁ ভুল ব্যাখ্যা দিছে, নকয় কাৰণ তেওঁৰ নেতৃত্বতে ৰূপজ্যোতিয়ে কৈছে এই সাম্প্ৰদায়িক কথাবোৰ । আমি ৰূপজ্যোতিৰ পিছত লাগি লাভ নাই, মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক । সময় আহিলে BJP আতঁৰিব আৰু তেতিয়া আমি চাম" ৷

NCERT ৰ পৰা মোগল সম্বন্ধীয় বিষয় আঁতৰাই দিয়া সন্দৰ্ভত ৰূপজ্যোতিয়ে কৰিছে এক বিতৰ্কিত মন্তব্য ৷ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে ৰূপজ্যোতিৰ এই মন্তব্য শুনি কয় যে, ৰূপজ্যোতি কুৰ্মীৰ কথাটোত ৰাইজে কৰা ট্ৰ’ল বিলাক দেখুৱালেই পৰিস্কাৰ হৈ পৰিব সকলো । বিজেপিৰ এতিয়াৰ প্ৰতিনিধিসকলক কটাক্ষ কৰি তেওঁ কয় যে BJP প্ৰতিষ্ঠা কৰা পূৰ্বৰ প্ৰতিনিধি সকলেও চাগৈ কল্পনা কৰা নাছিল যে এনেকুৱা কাৰোবাৰ হাতত বিজেপি দলটো আগবঢ়াই নিয়াৰ দায়িত্ব পৰিবহি ৷ প্ৰতিষ্ঠা দিৱসত বিজেপিৰ পুৰণি নেতাসকলেও বাৰে বাৰে ভাবিছে চাগৈ নতুন সকলৰ কথা ।

ৰাণা গোস্বামীয়ে লগতে কয় যে, BJP দল প্ৰতিষ্ঠা কৰাসকলে কেতিয়াও ভবা নাছিল যে ইমান দুৰ্নীতিগ্ৰস্ত মানুহৰ হাতলৈ দলটো যাব, তেওঁলোকে আজি সেই প্ৰতিষ্ঠা দিৱসৰ সলনি BJP ৰ বিফলতাৰ দিৱসহে পাতিব লাগে (foundation day of BJP)।

লগতে পঢ়ক :Assam Budget Session 2023 : কি কি বিতৰ্কই স্থান পালে বিধানসভাৰ অধিবেশনত ?

ABOUT THE AUTHOR

...view details