অসম

assam

ETV Bharat / state

ক্ষোভ মৰিষণৰ চেষ্টা: টিকট বঞ্চিতক লৈ কংগ্ৰেছে গঠন কৰিলে কমিটী - ক্ষোভ মৰিষণৰ চেষ্টাঃ টিকট বঞ্চিতক লৈ কংগ্ৰেছে গঠন কৰিলে কমিটি

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে দেওবাৰে টিকট বঞ্চিত একাংশক লৈ গঠন কৰি দিয়ে এখন গুৰুত্বপূৰ্ণ কমিটি । কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে দেৱব্ৰত শইকীয়াক ।

ক্ষোভ মৰিষণৰ চেষ্টাঃ টিকট বঞ্চিতক লৈ কংগ্ৰেছে গঠন কৰিলে কমিটি
ক্ষোভ মৰিষণৰ চেষ্টাঃ টিকট বঞ্চিতক লৈ কংগ্ৰেছে গঠন কৰিলে কমিটি

By

Published : Mar 21, 2021, 1:47 PM IST

গুৱাহাটী, 21মাৰ্চ: টিকট নাপাই দল এৰি থৈ যোৱা নেতাৰ তালিকাখন কংগ্ৰেছত দীঘলীয়া হৈ গৈয়েই আছে । নিতৌ একাধিক নেতাই ক্ষুব্ধ হৈ এৰি গৈছে কংগ্ৰেছ দল । ডাঃ অৰ্দ্ধেন্দু দে'ৰ পৰা আৰম্ভ কৰি গৌতম বৰালৈকে । কল্যাণ গগৈৰ পৰা আৰম্ভ কৰি ডঃ মলয়া বৰ্মনলৈকে এখন দীঘলীয়া তালিকা । এই তালিকা যাতে আৰু অধিক দীঘলীয়া নহয় তাৰ বাবে কংগ্ৰেছে এইবাৰ ক্ষুব্ধ নেতাসকলক নিচুকাবলৈ আৰম্ভ কৰিছে ৷

ক্ষোভ মৰিষণৰ চেষ্টাঃ টিকট বঞ্চিতক লৈ কংগ্ৰেছে গঠন কৰিলে কমিটি

তাৰেই অংশ স্বৰূপে অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে দেওবাৰে টিকট বঞ্চিত একাংশক লৈ গঠন কৰি দিয়ে এখন গুৰুত্বপূৰ্ণ কমিটী । কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে দেৱব্ৰত শইকীয়াক ।

কমিটীখনত সদস্য হিচাপে ৰখা হৈছে ডাঃ দুৰ্লভ চমুৱা, বৰ্ণালী শইকীয়া বৰা, কাৰ্তিক কুৰ্মী, ব্ৰজেন সন্দিকৈ, বিৰিঞ্চি নেওগ, প্ৰণৱ বৰুৱা আৰু শৈলেন্দ্ৰ সোণোৱালক । এই আটাইকেইজনেই আছিল বিভিন্ন সমষ্টিৰ পৰা টিকট প্ৰত্যাশী প্ৰাৰ্থী । কিন্তু মূৰকত কংগ্ৰেছ নেতৃত্বই তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ।

এই কমিটীখনৰ কাম হ’ব ৰাজ্যৰ ছয় জনগোষ্ঠী ক্ৰমে মৰাণ, মটক, আহোম, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোত থকা আইনী আসোৱাহ সমূহ চালিজাৰি চোৱা আৰু ইয়াক দূৰীকৰণৰ বাবে পৰামৰ্শ আগবঢ়োৱা ।

লগতে পঢ়ক:গুৱাহাটী প্ৰেছ ক্লাবত মুকলি ব্ৰেষ্ট ফিডিং কক্ষ

ABOUT THE AUTHOR

...view details