গুৱাহাটী, ১৪ মে'ঃ " প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজৰ পৰা দেশৰ খাটি খোৱা শ্ৰেণী নহয়, ধনীক শ্ৰেণীহে উপকৃত হ'ব । "এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
প্ৰধানমন্ত্ৰীৰ পেকেজৰ পৰা খাটি খোৱা শ্ৰেণী নহয়, ধনিক শ্ৰেণীহে উপকৃত হ'বঃপ্ৰদ্যুৎ বৰদলৈ
শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজৰ পৰা দেশৰ খাটি খোৱা শ্ৰেণী নহয়, ধনীক শ্ৰেণীহে উপকৃত হ'ব বুলি মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷
বৃহস্পতিবাৰে দিল্লীৰ পৰা প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত বৰদলৈয়ে কয় যে ,"ভাৰতৰ অৰ্থ ব্যৱস্থা এটা ত্ৰিভূজৰ দৰে । য'ত একেবাৰে ওপৰত থাকে আদানী, আম্বানীৰ দৰে লোকসকল আৰু একেবাৰে তলত থাকে খাটি খোৱা শ্ৰেণীটো । এই শ্ৰেণীৰ প্ৰায় ১৩ কেটি পৰিয়াল দেশত আছে । যিসকল এতিয়া ককবকাই আছে । প্ৰধানমন্ত্ৰীৰ ২০ লাখ কোটিৰ পেকেজে এই ১৩ কোটি পৰিয়ালক পোনপটীয়াকৈ কোনো সহায় নকৰে । তাৰ পৰিৱৰ্তে এই ১৩ কোটি পৰিয়ালৰ একাউন্টত ৭,৫০০ মানকৈ টকা দিয়া হ'লেও তেওঁলোক উপকৃত হ'লহেতেন " বুলি বৰদলৈয়ে মন্তব্য কৰে ।
আনহাতে, অসমৰ পৰা গৈ দেশৰ বিভিন্ন ৰাজ্যত কাম কৰি থকা শ্ৰমিকৰ সংখ্যা প্ৰায় ১০ লাখ হ'ব বুলি ৰাজ্যৰ বিত্ত মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে । সাংসদ বৰদলৈয়ে কয় যে এইসকল শ্ৰমিকে গড়ে যদি তিনি হেজাৰ টকাকৈও অসমত থকা পৰিয়ালসমূহলৈ প্ৰতি মাহে পঠিয়াই বুলি ধৰা হয় তেন্তে অসমৰ অৰ্থনীতিত তেওঁলোকে তিনিশ কোটি টকাৰ অৱদান আগবঢ়াই আহিছে । গতিকে এতিয়া চৰকাৰে তেওঁলোকক প্ৰতিদান দিয়াৰ সময় বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে এইসকল প্ৰব্ৰজিত শ্ৰমিকক উপেক্ষা নকৰিবলৈ চৰকাৰক আহ্বান জনায় ।