অসম

assam

ETV Bharat / state

Gaurav Gogoi slams BJP: কিছুদিনৰ ভিতৰতে বিজেপি দল নাইকিয়া হোৱাৰ লক্ষণে দেখা দিছে; গৌৰৱ গগৈ - কংগ্ৰেছ ৱৰ্কিং কমিটি

"বিজেপিত এগৰাকী বেমাৰী সোমাইছে। এই বেমাৰীয়ে সময়ত মাৰাত্মক স্থিতি ল’ব আৰু কিছুদিনৰ ভিতৰতে বিজেপি দল নাইকিয়া হোৱাৰ লক্ষণ দেখা দিছে। এতিয়া অসমত বিজেপি এজন ব্যক্তিৰ দল হৈ পৰিছে।"- সাংসদ গৌৰৱ গগৈ

Gourav Gogoi slams BJP
কিছুদিনৰ ভিতৰতে বিজেপি দল নাইকিয়া হোৱাৰ লক্ষণে দেখা দিছে

By

Published : Aug 20, 2023, 9:27 PM IST

কিছুদিনৰ ভিতৰতে বিজেপি দল নাইকিয়া হোৱাৰ লক্ষণে দেখা দিছে

গুৱাহাটী, ২০ আগষ্ট :" বিৰোধী দলৰ নেতাই কি কয়, কি নকয় সেই বোৰলৈ মই গুৰুত্ব নিদিওঁ। অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদক মই প্ৰসাদ হিচাপে গ্ৰহণ কৰিছো"- এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ।

সংবাদ মাধ্যমৰ আগত গগৈয়ে কয় যে, বিজেপিত এগৰাকী বেমাৰী সোমাইছে। এই বেমাৰীয়ে সময়ত মাৰাত্মক স্থিতি ল’ব আৰু কিছুদিনৰ ভিতৰতে বিজেপি দল নাইকিয়া হোৱাৰ লক্ষণ দেখা দিছে। এতিয়া অসমত বিজেপি এজন ব্যক্তিৰ দল হৈ পৰিছে। এতিয়া অসম বিজেপি নহয়, এজন ব্যক্তিৰ দল, এজন ব্যক্তিৰ সাম্ৰাজ্য বিজেপি দলত দেখা গৈছে ৷

কংগ্ৰেছৰ ৱৰ্কিং কমিটিত সদস্য হিচাপে স্থান লাভ কৰাৰ পিচত দেওবাৰে বিয়লি ভাগত সাংসদ গৌৰৱ গগৈয়ে একপ্ৰকাৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰে । সাংসদগৰাকী বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগেই মীৰা বৰঠাকুৰৰ নেতৃত্বত অহা দলীয় কৰ্মীসকলে উষ্ম আদৰণি জনায় ।

উল্লেখ্য যে, দেওবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নৱগঠিত ৱৰ্কিং কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ সাংসদ গৌৰৱ গগৈক। ভাৰতীয় জাতীয় কংগ্রেছ দলৰ প্ৰধান নীতি-নিৰ্ধাৰণ কমিটি হিচাবে পৰিগণিত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটি চমুকৈ চি ডব্লিউ চিখন আজি দলৰ সভাপতি মল্লিকাজুৰ্ন খাৰ্গেই গঠন কৰি ঘোষণা কৰে। অসমৰ পৰা একমাত্ৰ গৌৰৱ গগৈক কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে।

এই কমিটিখনত নতুন সদস্য হিচাবে কংগ্ৰেছ নেতা শচীন পাইলট, শশী থাৰুৰ, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, আনন্দ শৰ্মা আৰু অসমৰ গৌৰৱ গগৈক অন্তৰ্ভুক্ত কৰা হৈছে ৷ কংগ্ৰেছ দলৰ সৰ্বোচ্চ কমিটিখনত অসমৰ সাংসদগৰাকীয়ে স্থান পোৱাক লৈ স্বাভাৱিকতেই অসমৰ কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে ৷

লগতে পঢ়ক:Mp Gaurav Gogoi: নৱ গঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীত অন্তৰ্ভুক্ত সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details