অসম

assam

ETV Bharat / state

দিল্লীলৈ কিয় গৈছে একাংশ কংগ্ৰেছী বিধায়ক ? - কংগ্ৰেছত অন্তঃকন্দল

অসম প্ৰাদেশিক কংগ্ৰেছ দলত চলিছে বিসম্বাদ ৷ বিৰোধী দলপতি পদটোক লৈ বৰ্তমান কংগ্ৰেছ দলৰ মাজত বিতৰ্ক ৷ দেওবাৰে এই সন্দৰ্ভত হাইকমাণ্ডৰ লগত আলোচনাত মিলিত হ'বলৈ দিল্লীলৈ ৰাওনা একাংশ বিধায়ক ৷

দিল্লীলৈ কিয় গৈছে একাংশ কংগ্ৰেছী বিধায়ক ?

By

Published : Nov 17, 2019, 7:51 PM IST

দক্ষিণ কামৰূপ, 17 নৱেম্বৰ : কংগ্ৰেছত এতিয়া অন্তঃকন্দল ৷ ৰাজ্যিক দলটোৰ মাজত চলিছে বিসম্বাদ ৷ নিজ দলটোৰ মাজতে চলিছে বিতৰ্ক ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ৰিপুন বৰাক লৈ দলটোৰ মাজতে চলিছে বৰ্তমান আভ্যন্তৰীণ কন্দল । কিয়নো একাংশই যদি বিৰোধী দলপতি হিচাপে দেৱব্ৰত শইকীয়া থকাটো বিচাৰে কিন্তু কংগ্ৰেছৰে আন একাংশই বিৰোধী দলপতি হিচাপে দেৱব্ৰত শইকীয়াক নিবিচাৰে৷ এইসকলৰ লগত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ এই সন্দৰ্ভত কংগ্ৰেছৰ প্ৰায়বোৰ বিধায়ক দিল্লীলৈ ৰাওনা । বৰঝাৰ বিমানবন্দৰৰ পৰা দেওবাৰে দিল্লীলৈ ৰাওনা হোৱা বিধায়কসকল হৈছে অজন্তা নেওগ, নন্দিতা দাস, নুৰুল হুদা আৰু আবুল কালাম ৰছিদ আলাম । দিল্লীলৈ গৈ এইসকল বিধায়ক কংগ্ৰেছৰ হাইকমাণ্ড ছোনিয়া গান্ধীৰ সৈতে মিলিত হ'ব এক বৈঠকত । বৈঠকত হাইকমাণ্ডক ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অভিযোগ দিব এইসকল বিধায়কে ।

দিল্লীলৈ কিয় গৈছে একাংশ কংগ্ৰেছী বিধায়ক ?
ইফালে শিলচৰ সাংসদ সুস্মিতা দেৱৰ নাগৰিকত্ব সংশোধনী বিধেয়ক (CAB)খনক সমৰ্থন কৰাৰ সন্দৰ্ভতো প্ৰাদেশিক কংগ্ৰেছ দলটোৰ মাজত চলি আহিছ বিতৰ্ক ৷ উল্লেখ্য যে, কংগ্ৰেছ দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ আৰম্ভণিৰ পৰাই বিৰোধীতা কৰি অহাৰ বিপৰীতে কংগ্ৰেছ দলৰে শিলচৰৰ সাংসদ সুস্মিতা দেৱে পোনপটীয়াভাৱে বিধেয়কখনক সমৰ্থন কৰি আহিছে ৷ এই সন্দৰ্ভতো দিল্লীত অনুষ্ঠিত হ'বলগীয়া উক্ত বৈঠকখনত আলোচনা হোৱাৰ সম্ভাৱনীয়তা আছে ৷

ABOUT THE AUTHOR

...view details