অসম

assam

ETV Bharat / state

Kamalakhya Dey Purkayastha: বিধানসভাত সৰৱ হোৱা বাবেই CM ভিজিলেন্সৰ তদন্ত; কমলাক্ষ দে’ পুৰকায়স্থ - Assam CM wife scam

মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্তক লৈ সংবাদমেলত সৰৱ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ । শ্বেয়াৰত লোৱা চাহ বাগানৰ ক্ষেত্রত এটকাৰো খেলিমেলি নাপায় । মুখ্যমন্ত্রীক তেওঁৰ পৰিবাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত তদন্ত দিয়াৰ প্ৰত্যাহ্বান । মুখ্যমন্ত্রীয়ে মন্ত্রী আৰু মন্ত্রীৰ পত্নীৰ বিলাসিতা দেখা নাপায় । অসমৰ সকলো ঠাইতে আৰ বি এছৰ মাটি আছে আৰু য'তেই মাটি দেখে তাতেই আৰ বি এছ জপিয়াই পৰে । মুখ খুলিলেই বিৰোধীৰ পাছত ইডি আৰু চি এম ভিজিলেন্স লগোৱা হয় ।

Kamalakhya Dey Purkayastha
Kamalakhya Dey Purkayastha

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 3:09 PM IST

মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্তক লৈ সংবাদমেলত সৰৱ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ

গুৱাহাটী,২৯ ছেপ্টেম্বৰ: বিধানসভাত মুখ্যমন্ত্রীৰ পৰিবাৰৰ ভূমি কেলেংকাৰী সন্দৰ্ভত সৰৱ হোৱা বাবেই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে চি এম ভিজিলেন্স লগোৱা হৈছে । এই অভিযোগ উত্থাপন কৰিছে খোদ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । লগতে সকলো অভিযোগ খণ্ডন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

উল্লেখ্য যে কৰিমগঞ্জত নীতি বহিভূৰ্তভাৱে চাহ বাগিচা ক্ৰয় কৰা অভিযোগ সন্দৰ্ভত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে । এই সন্দৰ্ভত সংবাদমেলযোগে বিধায়কগৰাকীয়ে কয় যে চাহ বাগানৰ বাবে তেওঁ কোনো মাটি ক্ৰয় কৰা নাই ।

পাঁচজন সতীৰ্থৰে মিলি শ্বেয়াৰত চাহ বাগান লোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে প্ৰমোদ নগৰৰ চাহ বাগান ৩.২০ কোটি টকাৰে ক্ৰয় কৰা হৈছে আৰু তাত তেওঁৰ ৮০ লাখ টকাৰ শ্বেয়াৰ আছে । বৰ্তমান তেওঁৰ হাতত দুই লাখ টকা আছে আৰু এয়াই তেওঁৰ সম্পত্তি বুলি তেওঁ সংবাদমেলত সদৰী কৰে ।

ইয়াৰ বাহিৰত এটকাও সম্পত্তি নাই বুলি স্পষ্ট কৰি কৰি তেওঁ মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাই কয় যে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্তত এটকাৰো খেলিমেলি নাপায় । জীৱনত এটকাৰো দুই নম্বৰী কৰা নাই বুলি সদৰী কৰি তেওঁ এই তদন্ত দিয়াৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ দিয়ে ।

তেওঁ মুখ্যমন্ত্রীৰ পৰিবাৰৰ নাম উল্লেখ কৰাৰ পৰিৱৰ্তে চমুকৈ আৰ বি এছ বুলি সম্বোধন কৰি ভূমি কেলেংকাৰীৰ প্ৰসংগত সৰৱ হৈ পৰে । তেওঁ মুখ্যমন্ত্রীক তেওঁৰ পৰিবাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত তদন্ত দিয়াৰ বাবে প্ৰত্যাহ্বান জনায় ।

তেওঁ কয় যে অসমৰ সকলো ঠাইতে আৰ বি এছৰ মাটি আছে আৰু য’তেই মাটি দেখে তাতেই আৰ বি এছ জপিয়াই পৰে । মন্ত্রী পীযুষ হাজৰীকাকে ধৰি আন মন্ত্রীসকলক উদ্দেশ্যি তেওঁ কয় যে মন্ত্ৰীয়ে ৮০ লাখ টকীয়া Rolaxৰ ঘড়ী পিন্ধে, ৭০ লাখ টকীয়া গাড়ীত ঘূৰে, মন্ত্রীৰ পত্নীয়ে ডেৰ লাখ টকীয়া নাইট ড্ৰেছ পিন্ধে, লণ্ডনৰ পৰা ড্ৰেছ আনে আৰু পচন্দ নহলে ঘূৰাই পঠাই ।

কিন্তু মুখ্যমন্ত্রীয়ে এইবোৰ নেদেখে বুলি কটাক্ষ কৰি তেওঁ কয় যে শাসকীয় দলৰ মন্ত্রী-বিধায়কৰ বিলাসিতাৰ বিপৰীতে মুখ্যমন্ত্রীৰ চকু বিৰোধীৰ ওপৰত । বিধানসভাত সৰৱ হোৱা বাবে এনেদৰে চি এম ভিজিলেন্স লগালেও ভয় নাখাও বুলি সদৰী কৰি তেওঁ কয় যে মৰি যাব পাৰো কিন্তু আপোচ নকৰোঁ ।

তেওঁ কয় যে আৰ বি এছ, তুলিৰাম ৰংহাং, উৰণ সেতু নিৰ্মাণত ব্যৱহাৰ হোৱা আইৰণ চিটৰ ঠিকা সন্দৰ্ভত চি এম ভিজিলেন্সৰ তদন্ত হ’ব লাগে । বিৰোধীয়ে মুখ খুলিলেই ইডি, চি এম ভিজিলেন্স লগাই দিয়া হয় । অসমত এতিয়া সু-শাসন নহয় দুঃশাসন চলিছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে আজিৰ সংবাদমেলত এটা খণ্ড কোৱা হৈছে । পৰৱৰ্তী সংবাদমেলত দ্বিতীয় খণ্ড আহিব । তেওঁ লগতে কয় যে ২০২৬ত কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্রীৰ আৰু মুখ্যমন্ত্রীৰ পৰিবাৰৰ বিশাল সম্পত্তিৰ ওপৰত চলিব তদন্ত । ২০২৬ত সকলো স্পষ্ট হৈ পৰিব বুলি তেওঁ কয় । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক:Pijush Hazarika: টিকট দিব নোৱাৰা বাবেই কংগ্ৰেছৰ বহু নেতা বিজেপিলৈ অহা নাই; মন্ত্রী পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details