অসম

assam

ETV Bharat / state

2021ত বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল ৰচিছে তৰুণ গগৈয়ে - rajiv bhawan

ৰাজীৱ ভৱনত শুকুৰবাৰে ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে অংকিকাৰ দিৱস হিচাপে উদযাপন কৰে কংগ্ৰেছ দলে ৷ এই অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আগন্তুক নিৰ্বাচনত বিজেপি দলক পৰাস্ত কৰিবলৈ সকলো ৰাজনৈতিক দলৰে দুৱাৰ কংগ্ৰেছ দলৰ বাবে খোলা আছে বুলি মন্তব্য কৰে ৷

http://10.10.50.80:6060///finalout3/assam-nle/finalout/19-June-2020/7683623_vid.mp4
http://10.10.50.80:6060///finalout3/assam-nle/finalout/19-June-2020/7683623_vid.mp4

By

Published : Jun 19, 2020, 4:34 PM IST

গুৱাহাটী, 19 জুনঃশুকুৰবাৰে ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে কংগ্ৰেছ দলে ৰাজীৱ ভৱনত অংগীকাৰ দিৱস হিচাপে উদযাপন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ো ৷ ৰাজীৱ ভৱনত অনুষ্ঠিত সভাৰ অন্তত আগন্তুক নিৰ্বাচনত বিজেপি দলক উৎখাত কৰাৰ সংকল্প গ্ৰহণ কৰি,শপত পাঠ কৰে দলটোৰ কৰ্মকৰ্তা সকলে ৷ এই অনুষ্ঠানতে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়, বিজেপিক পৰাজিত কৰিবলৈ সকলো ৰাজনৈতিক দলৰে দুৱাৰ কংগ্ৰেছ দলৰ বাবে খোলা আছে ৷ অৱশ্যে বি টি চিৰ নিৰ্বাচনৰ পিচতহে বি পি এফৰ লগত মিত্ৰতা হ'ব নে নাই সেই বিষয়ে স্পষ্ট হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে মিত্ৰতা অবিহনে ২০২১ বৰ্ষত কোনো দলেই চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ব বুলিও দাবী কৰে তৰুণ গগৈয়ে ৷ লগতে প্ৰফুল্ল মহন্তৰ বাবেও কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলি,অগপ নেতাগৰাকীক কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰিবলৈ আহ্বান জনায় তৰুণ গগৈয়ে ৷

2021ত বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল ৰচিছে তৰুণ গগৈয়ে

শুকুৰবাৰে ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজীৱ ভৱনৰ সন্মুখত ৰাইজৰ মাজত মাস্ক, চাবোন,চেনিটাইজাৰ আদি বিতৰণ কৰে ৷ বিতৰণ অনুষ্ঠানত কেইবা শতাধিক লোকে কংগ্ৰেছ কৰ্মীসকলৰ পৰা মাস্ক, চাবোন,চেনিটাইজাৰ গ্ৰহণ কৰে ৷

উল্লেখ্য যে,দেশজুৰি কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পোৱা আৰু কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু হোৱাৰ লগতে,চীনা সেনাৰ হাতত ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ বাবে কংগ্ৰেছ দলে এইবাৰ ৰাহুল গান্ধীৰ জন্মদিন পালন কৰাৰ পৰা বিৰত থাকে ৷

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব প্ৰায় ২০ টা দল

ABOUT THE AUTHOR

...view details