অসম

assam

ETV Bharat / state

বড়োভূমিৰ ৰাজনীতিত হৰ্চ ট্ৰেডিঙ : বিজেপিত যোগদান কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীৰ - MCLA সজল সিংহৰ বিজেপিত যোগদান

সোমবাৰে সন্ধিয়া কংগ্ৰেছৰ এম চি এল এ ৰূপে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা বিজয়ী হৈ অহা সজল সিংহই যোগ দিয়ে বিজেপিত । সিংহই কোনো চৰ্ত অবিহনে স্বেচ্ছাই বিজেপি দলত যোগদান কৰা বুলি মন্তব্য কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

as_ghy_MCLA_Kamal_singha_joins_BJP_7206058
বড়োভূমিৰ ৰাজনীতিত হৰ্চ ট্ৰেডিঙঃবিজেপিত যোগদান কংগ্ৰেছৰ MCLA সজল সিংহৰ

By

Published : Dec 14, 2020, 7:20 PM IST

গুৱাহাটী,14 ডিচেম্বৰ : আৰম্ভ হৈ গ’ল বড়োভূমিৰ ৰাজনীতিত হৰ্চ ট্ৰেডিঙৰ খেল । গুৱাহাটীৰ হোটেল লিলিৰ পৰা পৰিচালিত হোৱা এই খেলৰ অংশ হিচাপে সোমবাৰে সন্ধিয়া কংগ্ৰেছৰ এম চি এল এ ৰূপে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা বিজয়ী হৈ অহা সজল সিংহই যোগ দিয়ে বিজেপিত । মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতা জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত দলটোত যোগদান কৰে সজল সিংহই ৷

এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, সিংহই কোনো চৰ্ত অবিহনে স্বেচ্ছাই বিজেপি দলত যোগদান কৰিছে ৷ শ্ৰীৰামপুৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতে তেওঁ কংগ্ৰেছ এৰি থৈ বিজেপিত যোগ দিয়া বুলি প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে, আগন্তুক দুই এদিনতে পুনৰ কেইবাজনো এম চি এল এ বিজেপিত যোগদান কৰিব বুলিও সদৰি কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বিগত 13 ডিচেম্বৰত ঘোষণা কৰা হৈছিল বিটিচি নিৰ্বাচনৰ ফলাফল ৷ কিন্তু পৰিষদ গঠনৰ বাবে প্ৰয়োজনীয় যি 21 আসন সংখ্যা, সেয়া লাভ নকৰিলে কোনো এটা দলে ৷ ফলাফলৰ অন্তত বিপিএফ দলে 17 খন, ইউপিপিএল দলে 12 খন, বিজেপিয়ে 9 খন আসন লাভ কৰে ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিত্ৰজোঁটে এখন আৰু গণ সুৰক্ষা পাৰ্টীয়েও এখনকৈ আসনত জয় লাভ কৰিবলৈ সক্ষম হয় ৷

বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ 6 নং কচুগাঁও সমষ্টি আৰু 10 নং দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ ইয়াৰে ভিতৰত কচুগাঁও সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী উকিল মুছাহাৰীৰ হাতত পৰাজিত হয় হাগ্ৰামা মহিলাৰী ইয়াৰ বিপৰীতে দেৱৰগাঁও সমষ্টিত জয়ী হয় বিপিএফৰ সভাপতিগৰাকী ৷ সমান্তৰালকৈ, ইউপিপিএল দলৰ মূল প্ৰাৰ্থী প্ৰমোদ বড়োই কোকলাবাড়ি আৰু গয়বাড়িত এই দুয়োটা সমষ্টিতে জয়ী হয় ৷

ইয়াৰ পিছতেই 13 ডিচেম্বৰত ইউ পি পি এল, বি জেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ মিত্ৰজোঁটে বিটিচিত পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োক বিটিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য হিচাপে ঘোষণা কৰে ৷ 15 ডিচেম্বৰত আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰিব নৱ নিৰ্বাচিত পৰিষদখনে ৷

লগতে পঢ়ক-15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ

ABOUT THE AUTHOR

...view details