গুৱাহাটী, 28 এপ্ৰিল :দখলত থকা তিনিটা সমষ্টিক বাদ বাকী 11 টা লোকসভা সমষ্টিক লৈ ব্যাপক ৰণকৌশল গ্ৰহণ কৰিছে কংগ্ৰেছে । দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে প্রথম পৰ্যায়ত ৰাজ্যৰ 5 টা লোকসভা সমষ্টিৰ দলীয় নেতৃবৃন্দৰ লগত পৃথকে পৃথকে আলোচনাত মিলিত হয় । শিলচৰ, কৰিমগঞ্জ, ধুবুৰী, ডিফু আৰু কোকৰাঝাৰ সমষ্টিৰ দলীয় নেতৃত্বৰে আলোচনাত মিলিত হয় । শুকুৰবাৰে আন 6 টা লোকসভা সমষ্টিৰ দলীয় নেতৃবৃন্দৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হ'ব জীতেন্দ্ৰ সিঙকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই (congress leader Jitendra Singh) ।
আজি অৰ্থাৎ শুকুৰবাৰে ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, যোৰহাট, গুৱাহাটী আৰু মঙলদৈ লোকসভা সমষ্টিৰ জ্যেষ্ঠ নেতাৰে আলোচনাত বহিব এ আই চি চি । উল্লেখ্য যে কংগ্ৰেছৰ দখলত থকা তিনিটা লোকসভা সমষ্টিক লৈ কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই । কংগ্ৰেছৰ দখলত আছে নগাঁও, বৰপেটা আৰু কলিয়াবৰ সমষ্টি । আজি জীতেন্দ্ৰ সিঙে 6 টা সমষ্টিৰ দলীয় নেতৃত্বৰে পৃথকে পৃথকে আলোচনাত মিলিত হোৱাৰ পাচত বিয়লি ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিব বুলি জানিবলৈ পৰা গৈছে (congress leader Jitendra Singh in Assam) ।
উল্লেখ্য যে, সমষ্টি ভিত্তিক দলীয় বৈঠক অনুষ্ঠিত কৰাৰ লগতে কংগ্ৰেছে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । বিগত বিধানসভা নিৰ্বাচনৰ দৰে পুনৰ বিৰোধী শক্তিক একত্ৰিত কৰাৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে কংগ্ৰেছ । ইয়াৰ বাবে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে কংগ্ৰেছে বিশেষ উদ্যোগ গ্ৰহণ কৰি কেইবাখনো বৈঠক ইতিমধ্যে অনুষ্ঠিত কৰিছে । দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা জীতেন্দ্ৰ সিঙৰ উপস্থিতিত বৃহস্পতিবাৰে নিশা 11 টা বিৰোধী ৰাজনৈতিক দলে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । একমাত্র বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে 11 টাকৈ বিৰোধী দল (Congress massive strategy for 11 Lok Sabha constituencies ) ।