গুৱাহাটী,19 ডিচেম্বৰঃ বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে কংগ্ৰেছৰ নেতাসকলে ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে দলটোৱে ৷ দলটোত আছিলকংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱাত প্ৰমুখ্যে আন আন দলীয় নেতা-কৰ্মী ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে কংগ্ৰেছৰ দলটোৱে ৷
সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনে ৰাজ্যত হিংসাত্মক ৰূপ ধাৰণ কৰাত ৰাজ্যৰ পৰিস্থিতি শোচনীয় হৈ পৰিছে ৷ এই হিংসাত্মক ঘটনাৰ লগত কংগ্ৰেছৰ ছাত্র সংগঠন এন এছ ইউ আইৰ সদস্য জড়িত থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই অভিযোগৰ পিছতে কংগ্ৰেছৰ এটা দলে ৰাজ্যপাল গৰাকীক সাক্ষাৎ কৰে ।