গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত যুঁজ দিবলৈ ওলাইছে এঘাৰজনকৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ, বিধায়কৰ পুত্ৰ-কন্যাই । স্বাভাৱিকতে ভিন-ভিন সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি এই এঘাৰজনকৈ জ্যেষ্ঠ ৰাজনীতিকৰ সতি-সন্ততিয়ে আবেদনো জনাইছে । "ৰাজীৱ ভৱন"ৰ এক সূত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য ।
সূত্ৰ অনুসৰি, প্ৰাক্তন মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে প্ৰাৰ্থিত্ব বিচাৰিছে বৰক্ষেত্ৰী সমষ্টিৰ পৰা ।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে মৰাণ সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন জনাইছে ।
একেদৰে সোণাৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটৰ দাবীদাৰ হৈ থিয় দিছে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকীয়ে ।
প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তৰ মন পিতৃৰ সমষ্টি আমগুৰিৰ পৰা নিৰ্বাচন খেলিবলৈ । সেয়ে তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছে আমগুৰিৰ পৰা ।
প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰৰো মন ৰাজনীতিলৈ অহাৰ । সেয়েহে তেওঁ সমষ্টি বাচি লৈছে লাহোৱাল । লাহোৱালৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে মনোজ ধানোৱাৰে আবেদন জনাইছে ।