গুৱাহাটী, ২৩ জুন: শতিকা প্ৰাচীন এটা দল যে এনেকৈ জহি খহি ক্ৰমাৎ নিঃচিহ্ন হ'বলৈ আগবাঢ়িব সেই কথা হয়তো কোনেও ভবা নাছিল । উপযুক্ত নেতৃত্বহীনতা আৰু মুষ্টিমেয় কেইজনমান নেতাৰ স্বৈৰচাৰিতাত আজি অসমত কংগ্ৰেছ দল একপ্ৰকাৰ পৰিচয়বিহীন হোৱাৰ উপক্ৰম হৈছে । অসমত বিগত তিনি-চাৰি দশকজুৰি কংগ্ৰেছৰ আগশাৰীৰ নেতা বুলি কলে যিসকলৰ মুখ চকুৰ আগত ভাহি উঠিছিল সেইসকলৰ বহুতেই ইতিমধ্যে কংগ্ৰেছ(Congress)ক চিৰদিনৰ বাবে সেৱা জনাই বিজেপিত যোগদান কৰিছে ।
অৱশিষ্ট যি দুই-এক নেতা কংগ্ৰেছত বাকী আছেগৈ তেওঁলোকৰ মাজতো চলিছে ক্ষমতাৰ যুঁজ । কংগ্ৰেছ ত্যাগৰ এই পৰম্পৰা নতুন নহয় । এই পৰ্যন্ত অসমৰ প্ৰায় ২৫ গৰাকী শীৰ্ষ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি(BJP)ত যোগদান কৰিছে । কেৱল তেওঁলোকেই নহয় দ্বিতীয় শাৰীৰ নেতা বুলি কলে যিসকলক বুজা যায় তেওঁলোকৰো বহুতে ইতিমধ্যে গেৰুৱা বসন পিন্ধিছে ।
২০১৫ চনত ৯ জনকৈ কংগ্ৰেছী বিধায়কক লগত লৈ বিজেপিমুখী হৈছিল ডঃ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) । সেই সময়ৰ সেই ৯ গৰাকী বিধায়ক আছিল ক্ৰমে প্ৰদান বৰুৱা, ৰাজেন বৰঠাকুৰ, বলিন চেতিয়া, আবু তাহেৰ বেপাৰী, বিনন্দ শইকীয়া, পীযুষ হাজৰিকা, কৃপানাথ মাল্লা, জয়ন্ত মল্ল বৰুৱা আৰু পল্লৱলোচন দাস । সেয়াই আৰম্ভণি ।