অসম

assam

By

Published : Apr 11, 2022, 10:07 PM IST

ETV Bharat / state

Netta D'Souza in Guwahati: মূল্যবৃদ্ধিৰ বাবে বিজেপিক দোষাৰোপ নীতা ডি’ছুজাৰ

দেশত জটিলৰূপ ধাৰণ কৰা মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰৰ বি জে পি নেতৃত্বধীন চৰকাৰ দোষী ৷ দৈনিক বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ মানুহৰ অৱস্থা দুৰ্বিসহ হৈ পৰিছে । মধ্যবিত্ত মানুহৰ জীৱন ধাৰণত সমস্যাৰ সৃষ্টি হৈছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীতা ডি'ছুজাই এইদৰে মন্তব্য কৰে (Netta D'Souza in Guwahati)৷

Netta D'Souza in Guwahati
বি জে পি চৰকাৰৰ অপশাসনৰ বাবে দেশত মূল্যবৃদ্ধি হৈছে: নীতা ডি'ছুজা

গুৱাহাটী, 11 এপ্ৰিল: দেশত জটিলৰূপ ধাৰণ কৰা মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰৰ বি জে পি নেতৃত্বধীন চৰকাৰক দোষাৰোপ কৰিছে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীতা ডি'ছুজাই (Netta D'Souza in Guwahati)। গুৱাহাটীৰ ৰাজীৱ ভৱনত সোমবাৰে অনুষ্ঠিত সংবাদমেলত নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীতা ডি'ছুজাই কয় যে দেশত প্ৰতিদিনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈ আছে । লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি ব্যাপক হাৰত হৈছে । পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বাঢ়িছে (Fuel price hike in India) । যাৰ ফলত সাধাৰণ মানুহৰ অৱস্থা দুৰ্বিহ হৈ পৰিছে ।

লগতে মধ্যবিত্ত মানুহৰ জীৱন ধাৰণত সমস্যাৰ সৃষ্টি হৈছে । তেওঁ কয় যে, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ব্যাপক হাৰত হোৱাৰ বাবে সাধাৰণ মানুহে ৰন্ধন গেছ ক্ৰয় কৰিব নোৱাৰা হৈছে । তেওঁ কয় যে দেশত এতিয়া জীৱন দায়িনী ঔষধৰ ব্যাপক হাৰত মূল্যবৃদ্ধি হৈছে (Medicine price hike)। এনে পৰিস্থিতিত সাধাৰণ মানুহ জীয়াই থকাতোৱেই সমস্যা হৈ পৰিছে । নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীতা ডি'ছুজাই কয় যে, বিজেপি চৰকাৰৰ অপশাসনৰ বাবে দেশত মূল্যবৃদ্ধি হৈছে (Neeta D'Souza criticizes BJP)।

বি জে পি চৰকাৰৰ অপশাসনৰ বাবে দেশত মূল্যবৃদ্ধি হৈছে: নীতা ডি'ছুজা

বিজেপি চৰকাৰৰ জনবিৰোধী নীতিয়ে দেশত মূল্যবৃদ্ধি হোৱাত সাৰ-পানী যোগাইছে । এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীৰ কোনো প্ৰতিক্ৰিয়া নাই । তেওঁ কয় যে, দেশ তথা অসমত নাৰীক নিৰাপত্তা দিয়াত বি জে পি চৰকাৰ ব্যৰ্থ হৈছে । বি জে পি চৰকাৰ শাসনত নাৰীৰ বিৰুদ্ধে হিংসা, হত্যা বাঢ়িছে ।

নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীতা ডি'ছুজাই কয় যে, বি জে পিয়ে মানুহৰ কথা কোৱাৰ, অনায়ৰ প্ৰতিবাদ কৰাৰ অধিকাৰ হৰণ কৰিছে । সংসদত বিৰোধী দলৰ অধিকাৰক বি জে পি চৰকাৰে খৰ্ব কৰিছে বুলি নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীতা ডি'ছুজাই অভিযোগ কৰে (National Secretary of Nikhil Bharat Mahila Congress)৷

লগতে পঢ়ক:লখিমপুৰ জিলা কংগ্রেছৰ সভাপতিৰ পদত্যাগ

ABOUT THE AUTHOR

...view details