অসম

assam

ETV Bharat / state

Mira Borthakur Vs Assam CM: CWC ৰ প্ৰসংগত ফেচবুক পোষ্টযোগে মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ - মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছ নেত্ৰী মীৰা

কংগ্ৰেছ ৱৰ্কিং কমিটীক ক্লাৱৰ লগত তুলনা কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে অসম মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে । সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

Mira Borthakur Vs Assam CM
মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 2:02 PM IST

গুৱাহাটী, 23 আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ৱৰ্কিং কমিটীক ক্লাৱৰ লগত তুলনা কৰা বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে । উল্লেখ্য যে, নতুন দিল্লীত সাংবাদিকৰ আগত মংগলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ৱৰ্কিং কমিটিক ক্লাৱৰ সৈতে তুলনা কৰি সাংসদ গৌৰৱ‌ গগৈৰ প্ৰতি তাচ্ছিল্যসূচক মন্তব্য আগবঢ়াইছিল ।

মুখ্যমন্ত্ৰীয়ে গৌৰৱ‌ গগৈক সৰু ল'ৰাৰ সৈতে তুলনা কৰি কৈছিল, "সৰু ল'ৰা এটাই মনত যি আহে তাকে কয় । কংগ্ৰেছ কি সেয়া সম্যক ধাৰণা নাই ।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ৱৰ্কিং কমিটীক ক্লাৱৰ সৈতে তুলনা কৰি কয়, "কংগ্ৰেছ ৱৰ্কিং কমিটি এটা ক্লাৱৰ নিচিনা । কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য হোৱা‌ মানে এটা ক্লাৱৰ সদস্য হোৱাৰ নিচিনা কথা ।’’ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ কোনো মূল্য নাই বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত ।

মুখ্যমন্ত্ৰীৰ এই মন্তব্য সন্দৰ্ভত অসম মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াৰ । তেওঁ মুখ্যমন্ত্ৰীৰ কটাক্ষৰ প্ৰতুত্তৰ দি কয়, ’’CWC যদি ক্লাব হয় তেন্তে বুজিবলৈ বাকী নাথাকিব যে, তেওঁ তৰল মন্তব্য কৰিছে । 18 বছৰত যদি 17 টা কোটিটকীয়া কোম্পানীৰ মালিক হ’ব পাৰে, তেন্তে এজন অধ্যয়ন আৰু দৰ্শন থকা ব্যক্তি কিয় CWC সদস্য হ’ব নোৱাৰে । গৌৰৱ গগৈৰ চিন্তা অসমৰ ৰাইজ আৰু কংগ্ৰেছে কৰিব, কিন্তু আকৌ যে 250 কোটিৰ ধাৰৰ বোজা আমাৰ ওপৰত পৰিল সেইটো চিন্তা মুখ্যমন্ত্ৰীয়ে কৰক ।’’

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীক ৰাজধৰ্ম পালন কৰাৰ পৰামৰ্শ দিয়ে । মনকৰিবলীয়া যে, 21 আগষ্ট অৰ্থাৎ সোমবাৰে কংগ্ৰেছ সাংসদ গৌৰৱ‌ গগৈয়ে ৰাজ্যৰ বিজেপি দল‌ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত আগবঢ়াইছিল মন্তব্য । সাংসদগৰাকীয়ে ‌কৈছিল যে, বৰ্তমান অসমত বিজেপি দল বিজেপি দল হৈ থকা নাই ৷ বিজেপি হ’ল বিশ্ব জনতা পাৰ্টী ৷ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা জনতা পাৰ্টী হিচাপে পৰিগণিত হৈছে অসম বিজেপি ।

লগতে পঢ়ক: Chandrayaan 3 landing: জোৰা টাপলি মৰা সম্প্ৰচাৰৰ ব্যৱস্থাৰে কিমান গৰাকী শিক্ষাৰ্থী উপকৃত হ’ব ?

ABOUT THE AUTHOR

...view details