অসম

assam

ETV Bharat / state

বিজেপিয়ে লোকতন্ত্রত বিশ্বাস নকৰে: মনীষ তিৱাৰী

গুৱাহাটীস্থিত ৰাজীৱ ভৱনত বৃহস্পতিবাৰে সংবাদমেল সম্বোধন জ্যেষ্ঠ কংগ্ৰেছী নেতা মনীষ তিৱাৰীৰ ৷ বিভাজনৰ ৰাজনীতি কৰি বিজেপিয়ে ক্ষমতা দখল কৰিব বিচাৰে ৷ বিজেপিয়ে লোকতন্ত্ৰত বিশ্বাস নকৰে তথা বুজি নাপায় বুলি বিস্ফোৰক মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে ৷

manish-tiwari
মনীষ তিৱাৰীৰ সংবাদমেল

By

Published : Apr 1, 2021, 10:34 PM IST

গুৱাহাটী,1 এপ্ৰিল : বৃহস্পতিবাৰে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা মনীষ তিৱাৰীয়ে ৷ বিজেপিৰ নিৰ্বাচনী মডেল ধৰ্মীয় মেৰুকৰণ । বিভাজনৰ ৰাজনীতি কৰি বিজেপিয়ে ক্ষমতা দখল কৰিব বিচাৰে বুলি বিজেপিক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছী নেতা গৰাকীয়ে ৷

মনীষ তিৱাৰীৰ সংবাদমেল

তেওঁ কয় যে, "বিজেপিৰ হিন্দু-মুছলমান কাৰোৰে প্ৰতি সদ ভাৱ নাই । তেওঁলোকক মাথো ক্ষমতা লাগে । অসমৰ বিকাশৰ স্বাৰ্থত ৰাইজে বিজেপিৰ সংকীৰ্ণ ৰাজনীতি তথা সাম্প্ৰদায়িক চিন্তাৰ বিষয়ে জানিব লাগিব । বিজেপিয়ে চিবিআই, এনফ’ৰ্চমেণ্ট ডাইৰেক্ট’ৰেট, আয়কৰ বিভাগ আৰু NIAক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰি আহিছে । মানুহক ভয়-ভাবুকি প্ৰদান কৰিছে । নিৰ্বাচন চলি থকা সময়তে কংগ্ৰেছৰ মিত্ৰদল বিপিএফৰ প্ৰাৰ্থী ৰামদাস বসুমতাৰীক ভয়-ভাবুকি প্ৰদান কৰা হৈছে । তেওঁ সন্ধানহীন হৈ আছে । নিৰ্বাচন আয়োগেও অন্ধ হৈ চাই আছে" ।

ইয়াৰোপৰি তেওঁ কয় যে, ‘‘অসমৰ ৰাইজে বিজেপিৰ বুনিয়াদী ডিএনএ ভালদৰে বুজিব লাগিব । এইখন বিজেপি চৰকাৰেই 'কা' আনিলে । ধৰ্ম কেতিয়াও নাগৰিকত্ব প্ৰদানৰ মাপকাঠি হ'ব নোৱাৰে । বিজেপি পুনৰ শাসনলৈ আহিলে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সংবিধানে দিয়া বিশেষ মৰ্যদা কৰ্তন কৰিব, যিটো জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত কৰিলে’’ ।

বিজেপিয়ে লোকতন্ত্ৰত বিশ্বাস নকৰে তথা বুজি নাপায় বুলি বিস্ফোৰক মন্তব্য কৰি তিৱাৰীয়ে কয়, ‘‘অসমৰ এই নিৰ্বাচন অসমৰ ভৱিষ্যত সুৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । ইউপিএ চৰকাৰৰ দিনত দেশৰ 27 কোটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ ওপৰত উঠিছিল । কিন্তু বিজেপি নেতৃত্বৰ এনডিএ চৰকাৰৰ 7 বছৰীয়া কাৰ্যকালত দেশৰ 27 কোটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তললৈ গৈছে । সেইদৰে বিজেপিৰ দিনত জিডিপি বৃদ্ধিৰ হাৰ -7.7 শতাংশ হৈছে’’ ৷

লগতে পঢ়ক :2 মে'ৰ পিচত ৰাজ্যবাসীয়ে বিজেপিৰ শ্ৰাদ্ধ পাতিব: হাগ্ৰামা

ABOUT THE AUTHOR

...view details