অসম

assam

পাঁচ বছৰত বিজেপিয়ে এটাও প্ৰতিশ্ৰুতি পালন নকৰিলে: কমল নাথ

By

Published : Mar 26, 2021, 8:10 PM IST

বিভাজনৰ ৰাজনীতি কৰা বিজেপিয়ে জাতি-ধৰ্মৰ নামত মানুহক বিভ্ৰান্ত কৰে । বিগত পাঁচ বছৰত তেওঁলোকে একো কাম নকৰিলে তথা এটাও প্ৰতিশ্ৰুতি পালন নকৰিলে । গতিকে তেওঁলোকে পাঁচবছৰীয়া কাৰ্যকালৰ কথা নকয় । ৰাইজক বিভ্ৰান্ত কৰাৰ কথা কয় । মধ্য প্ৰদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে দিনটোত দহটা মিছা কথা নকলে তেওঁৰ খাদ্য হজম নহয় । গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী কমল নাথে এইদৰে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ।

মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী কমল নাথৰ সংবাদমেল
মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী কমল নাথৰ সংবাদমেল

গুৱাহাটী, ২৬ মাৰ্চ: অসমত বিজেপি চৰকাৰে বিগত পাঁচ বছৰত কি কৰিলে ! এই প্ৰশ্ন মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী কমল নাথৰ। শুক্ৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জেষ্ঠ নেতাজনে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি এই প্ৰশ্ন উত্থাপন কৰে । সংবাদমেলত তেওঁ কয় যে, 'অসমৰ ভোটাৰ ৰাইজে বিজেপিৰ ডি এন এ জানিব লাগিব । মই বিজেপিৰ ডি এন এ ভালদৰে জানো । বিভাজনৰ ৰাজনীতি কৰা বিজেপিয়ে জাতি-ধৰ্মৰ নামত মানুহক বিভ্ৰান্ত কৰে । বিগত পাঁচ বছৰত তেওঁলোকে একো কাম নকৰিলে তথা এটাও প্ৰতিশ্ৰুতি পালন নকৰিলে । গতিকে তেওঁলোকে পাঁচ বছৰীয়া কাৰ্যকালৰ কথা নকয়, ৰাইজক বিভ্ৰান্ত কৰাৰ কথা কয়' ।

লগতে তেওঁ কয় যে, অনৈক্যৰ মাজত ঐক্য ভাৰতৰ সংস্কৃতি । সমগ্ৰ বিশ্বত এনে বৈচিত্রতা নাই । ভাৰতৰ সংস্কৃতি কংগ্ৰেছৰ সংস্কৃতি । কংগ্ৰেছে দেশৰ মূল ভেঁটি শক্তিশালী কৰিব বিচাৰে । কিন্তু বিজেপিয়ে দেশৰ সংস্কৃতিত আঘাত সানিছে ।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানক কটাক্ষ কৰি কংগ্ৰেছ নেতা কমল নাথে কয় যে, দিনটোত দহটা মিছা কথা নকলে তেওঁৰ খাদ্য হজম নহয় । মিছা কথা কোৱাত তেওঁ পাৰ্গত আৰু সকলোৱে সেই কথা জানে । তেওঁ নিজৰ শাসনকালত ১৫ হাজাৰটা ঘোষণা কৰিলে । কিন্তু সকলো ঘোষণা মিছা পৰিগণিত হ'ল ।

তেওঁ লগতে কয় যে, 'কংগ্ৰেছে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়া নাই, গেৰাণ্টি দিছে । কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ লগে লগে পাঁচটা গেৰাণ্টি পূৰণ কৰিব । মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰে ১১ মাহৰ কাৰ্যকালত কথা মতে কাম কৰিছে । কৃষকৰ ঋণ মাফ কৰিছে । কংগ্ৰেছে কথা মতে কাম কৰে । ২০০১ চনত অসমত কংগ্ৰেছৰ চৰকাৰ হৈছিল আৰু অসম উন্নয়নৰ পথত আগুৱাই গৈছিল । শান্তি প্ৰতিষ্ঠা হৈছিল । বিজেপিৰ শাসনত শান্তি কেতিয়াও প্ৰতিষ্ঠা নহয় বুলি তেওঁ মন্তব্য কৰে ।

বিজেপি চৰকাৰে সমগ্ৰ কৃষি ব্যৱস্থাটো পুঁজিপতিৰ হাতত গটাই দিয়াৰ বাবে তিনিখন কৃষি আইন আনিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, 'বিজেপিয়ে লেন-দেনৰ ৰাজনীতি কৰে । বিজেপিৰ ধনবলৰ ৰাজনীতি দেশৰ বাবে ভয়াৱহ । বিধায়ক কিনা-বেচাৰ ৰাজনীতি বিজেপিৰ সৃষ্টি । সংবিধান প্ৰণয়নৰ সময়ত এনে এক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি ধাৰণা কৰা হোৱা নাছিল' ।

সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে কয় যে, 'কংগ্ৰেছৰ চৰকাৰ হোৱাৰ লগে লগে মুখ্যমন্ত্রীয়ে প্ৰথমতে হস্তাক্ষৰ কৰিব পাঁচটা গেৰাণ্টিত । এই গেৰাণ্টি কংগ্ৰেছৰ শপতপত্র । কৃষক আন্দোলনে ১২০ দিন অতিক্ৰম কৰিলে আৰু এই আন্দোলনত ৩০০ কৃষক শ্বহীদ হ'ল । নৰেন্দ্ৰ মোডীয়ে পাকিস্তানৰ প্ৰধানমন্ত্রী ইমৰান খানৰ খবৰ লোৱাৰ বাবে পত্র লিখিবলৈ সময় পালে । কিন্তু কৃষকৰ খবৰ লবলৈ সময় নাই ।'

সংবাদমেল যোগে বল্লভে অসমৰ ৰাইজক অসম ৰক্ষাৰ স্বাৰ্থত বিবেক ভোট দিবলৈ আহ্বান জনায় । সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:কংগ্ৰেছ এৰি যোৱা জ্যেষ্ঠ নেতাক কি আখ্যা দিলে কমল নাথে ?

ABOUT THE AUTHOR

...view details