অসম

assam

ETV Bharat / state

Congress leader Debabrata Saikia Slams Assam CM: তথ্য-যুক্তিৰে গৌৰৱ গগৈক খণ্ডনৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান দেৱব্ৰত শইকীয়াৰ - 1962 ৰ চীন ভাৰত যুদ্ধ

মণিপুৰ হিংসা সন্দৰ্ভত মঙলবাৰে লোকসভাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে দিয়া তৰ্কক তাচ্ছিল্য কৰিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া সংবাদমেলযোগে কংগ্ৰেছৰ ভুল নীতিৰ বাবেই মণিপুৰকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে কান্দিবলগীয়া হৈছে বুলি মন্তব্য কৰে । ইয়াৰ পাচতেই কংগ্ৰেছৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বুধবাৰে দিনৰভাগত প্ৰদেশ কংগ্ৰেছে সংবাদনমেলযোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাচত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ৷

Congress leader Debabrata Saikia Slams Assam CM
তথ্য-যুক্তিৰে গৌৰৱ গগৈক খণ্ডনৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান দেৱব্ৰত শইকীয়াৰ

By

Published : Aug 9, 2023, 9:22 PM IST

তথ্য-যুক্তিৰে গৌৰৱ গগৈক খণ্ডনৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী, 9 আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ প্ৰতি শেহতীয়া আক্ৰমণাত্মক স্থিতিৰ বিৰোধিতা কৰি উভতি ধৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ লোকসভাত মঙলবাৰে যুযুধান ৰূপেৰে অনাস্থা প্ৰস্তাৱ বিতৰ্কত অংশগ্ৰহণ কৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ লগতে দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি দেৱব্ৰত শইকীয়াই কয়, মণিপুৰ হিংসা সন্দৰ্ভত মঙলবাৰে লোকসভাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে দিয়া তৰ্কক তাচ্ছিল্য কৰিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া কিছু অদ্ভুত আৰু ৰাজনৈতিক মন্তব্য দিছে ৷ “কথা ক’বলগীয়া থাকিলে তথ্যৰ আধাৰত হ’ব লাগে ৷ বাচ্ছা হৈ আছে আদি যুক্তি-তথ্যহীন কথা কোৱাতকৈ তথ্যৰেহে তথ্যৰ আধাৰত কোৱা কথা খণ্ডন কৰা উচিত ৷ জ্ঞানৰ কোনো পৰিসীমা নাথাকে ৷”

আনহাতে 1962 ৰ চীন-ভাৰত যুদ্ধৰ সময়ত জৱাহৰলাল নেহৰুৱে অসমক বিদায় জনোৱা বুলি বিষয়টোক এক অপপ্ৰচাৰ বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ ৷ “সেইসময়ত অসমবাসী আৰু দেশৰ সেনাবাহিনীৰ মনোবল বৃদ্ধিৰ বাবে জৱাহৰলাল নেহৰুৱে যুদ্ধপ্ৰৱণ অসমলৈ নিজৰ একমাত্ৰ কন্যা ইন্দিৰা গান্ধীক পঠিয়াইছিল ৷ দেশ স্বাধীন হোৱাৰ পিছতে 1952 চনত প্ৰৱল গৰাখহনীয়াৰ কৱলত পৰা ডিব্ৰুগড়খনক ৰক্ষা কৰিবৰ বাবে জৱাহৰলাল নেহৰুৱে যে দুবাৰকৈ চহৰখন ভ্ৰমণ কৰিছিল ৷ সেই কথা কোনেও কিন্তু উল্লেখ নকৰে ৷”

এই লৈ আক্ষেপ প্ৰকাশ বিৰোধী দলপতিগৰাকীৰ ৷ লগতে মহাত্মা গান্ধীৰ আদৰ্শক বিজেপি দলে আগবঢ়াই নিব বুলি দিয়া মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া বিৰোধীৰ দলপতিগৰাকীৰ ৷ এই প্ৰসংগত তেওঁ কয়,“বিদেশত মহাত্মা গান্ধীৰ ফটোত মালা পিন্ধাই ঘৰত নাথুৰাম গডছেক পূজা কৰাটো বাদ দিলে ভাল কথা হ’ব ৷”

লগতে পঢ়ক:Himanta Biswa: কংগ্ৰেছৰ ভুল নীতিৰ পৰিণাম ভোগ কৰিছে উত্তৰ-পূৰ্বাঞ্চলে; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details