অসম

assam

ETV Bharat / state

প্ৰসংগ বানঃ সোণোৱাল-মহন্তৰ ঘোষণাক ফুটুকাৰ ফেন আখ্যা কংগ্ৰেছৰ - Debabrata saikia latest news

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ এনেবোৰ ঘোষণা যে আচলতে ফুটুকাৰ ফেন আছিল সেয়া এতিয়া প্ৰমাণিত হৈছে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল জানুৱাৰীৰ ভিতৰত সকলো ভঙা মথাউৰিৰ মেৰামতি সম্পূৰ্ণ হ'ব ,কিন্তু নহ'ল-দেৱব্ৰত শইকীয়া

Debabrata saikia
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

By

Published : Jul 13, 2020, 5:25 PM IST

গুৱাহাটী, ১৩ জুলাইঃ"ৰাজ্যজুৰি বানৰ তাণ্ডৱ চলি থকাৰ সময়তহে চৰকাৰে ভঙা মথাউৰি মেৰামতিৰ বাবে নিবিদা আহ্বান কৰে। এয়া এক আশ্চৰ্যকৰ বিষয় । বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী উভয়েই ঘোষণা কৰিছিল যে বান অহাৰ পূৰ্বেই ভঙা মথাউৰিসমূহ মেৰামতি কৰা হ'ব। কিন্তু কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল।" এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

লগতে পঢ়কঃ অসাৱধানতা হ'ব পাৰে দুশ্চিন্তাৰ কাৰণ

সোমবাৰে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ এনেবোৰ ঘোষণা যে আচলতে ফুটুকাৰ ফেন আছিল সেয়া এতিয়া প্ৰমাণিত হৈছে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল জানুৱাৰীৰ ভিতৰত সকলো ভঙা মথাউৰিৰ মেৰামতি সম্পূৰ্ণ হ'ব,কিন্তু নহ'ল । মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কৈছিল । সেয়াও নহ'ল । ৩১ মে'ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিছিল। সেয়াও হৈ নুঠিল বুলি ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

" মে' মাহত যদি নিবিদা আহ্বান কৰে তেন্তে মেৰামতিৰ কাম কেতিয়া আৰম্ভ কৰিব "বুলিও বিজেপি চৰকাৰক উদ্দেশ্যি প্ৰশ্ন কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ লগতে বানপানীৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ পুঁজি যাতে ক'ভিডৰ নামত ব্যৱহাৰ নহয় সেয়া নিশ্চিত কৰিবলৈও চৰকাৰক আহ্বান জনায় দেৱব্ৰত শইকীয়াই ।

ABOUT THE AUTHOR

...view details