অসম

assam

By

Published : Apr 28, 2020, 5:16 PM IST

ETV Bharat / state

সাহাৰ্য সংগ্ৰহৰ নামত চৰকাৰৰ অঘোষিত প্ৰতিযোগিতা চলিছেঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

চৰকাৰে কাৰ স্বাৰ্থত ICMR এ নিষিদ্ধ কৰা "PPE" আৰু "ৰেপিড টেষ্টিং কিট্ "ৰ 245 টকাৰ সামগ্ৰী 600 টকাত ক্ৰয় কৰিলেঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

Congress leader Apurba kumar Bhattacharya criticized a video BJP Government
সাহাৰ্য সংগ্ৰহৰ নামত চৰকাৰৰ অঘোষিত প্ৰতিযোগিতা চলিছেঃঅপূৰ্ব কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, 28 এপ্ৰিলঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰী প্ৰতিৰোধৰ নামত দিল্লী আৰু দিছপুৰৰ চৰকাৰে নিজৰ সমস্ত দায়িত্ব জনসাধাৰণৰ ওপৰত জাপি দি নীৰৱে লুন্ঠন চলোৱা কাৰ্যক দুৰ্ভাগ্যজনক তথা জনগণৰ প্ৰতি বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ আজি এক ভিডিঅ'ৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ সাহাৰ্য সংগ্ৰহৰ নামত অঘোষিত প্ৰতিযোগিতা চলিছে বুলি কৈ চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা দেশবাসীয়ে,বিশ্বাস আৰু আস্থাৰে "প্ৰধান মন্ত্ৰীৰ সাহাৰ্য নিধি"তথা "পি এম কেয়াৰ ফাণ্ড " লৈ প্ৰদান কৰা পুঁজিৰো কোনো স্বচ্ছতা ফুটি উঠা নাই বুলি অভিযোগ কৰে। বিগত ফাকুৱাৰ সময়ত চীনা ৰঙ ব্যৱহাৰ নকৰিবলৈ কোৱা চৰকাৰে কাৰ স্বাৰ্থত ICMR এ নিষিদ্ধ কৰা PPE আৰু"ৰেপিড টেষ্টিং কিট্ " 245 টকাৰ সামগ্ৰী 600 টকাত ক্ৰয় কৰিলে তাকে লৈ প্ৰশ্ন কৰে ৷ ইপিনে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সংঘটিত এই লুন্ঠনে 'বিজেপি'ৰ দেশপ্ৰেম তথা প্ৰধানমন্ত্ৰী গৰাকীৰ "না খাউঙ্গা,না খানে ডুঙ্গা" নীতি প্ৰমাণ কৰি দিলে বুলি কয় কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ ইয়াৰ উপৰিও অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ মাজতো দেশসেৱাৰ নামত অলিখিত প্ৰতিযোগিতা চলিছে বুলি কৈ চৰকাৰ প্ৰকৃতাৰ্থত কোনে চলাইছে সেইয়া ধৰাই টান হৈ পৰিছে বুলি মন্তব্য কৰে ৷

সাহাৰ্য সংগ্ৰহৰ নামত চৰকাৰৰ অঘোষিত প্ৰতিযোগিতা চলিছেঃঅপূৰ্ব কুমাৰ ভট্টাচাৰ্য

জনসেৱাৰ নামত সাধাৰণ ৰাইজৰ কান্ধত সকলো দায়িত্ব অৰ্পণ কৰি জীয়াই থকাৰ আশাত তথা সাধাৰণ ৰাইজ গৃহবন্দী হৈ থকাৰ সুযোগ গ্ৰহণ কৰি আতংকৰ সৃষ্টিৰে মেৰুকৰণৰ ৰাজনীতিৰে দৰিদ্ৰজনক সাহাৰ্য প্ৰদানতো নিকৃষ্ট ৰাজনীতি কৰাটো চৰম দুৰ্ভাগ্যজনক আখ্যা দিয়ে কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে ৷ ইয়াৰ উপৰি ক'ত কিমান ধন জমা হৈছে লগতে ক'ত কেনেকৈ খৰচ হ'ব তাতো স্পষ্টতা নাই বুলি কয় ভট্টাচাৰ্যই । আনহাতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অহৰ্নিশে তদাৰক কৰি থকাৰ মাজতে চৰকাৰী নীতি-নিয়ম উলংঘা কৰি চীন দেশৰ পৰা ICMR এ নিষিদ্ধ কৰা কোম্পানীৰ পৰা মধ্যভোগীৰ জৰিয়তে অধিক দামত কিনা "PPE" আৰু "ৰেপিড টেষ্টিং কিট্"ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু চৰকাৰ কিয় নীৰৱ বুলি প্ৰশ্ন কৰে ৷ ইপিনে কৰ্মচাৰীৰ এদিনৰ দৰমহা আদায়ৰ লগতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা 2021ৰ জুন মাহলৈকে মৰগীয়া বানচ নিদিয়াৰ সিদ্ধান্ত কিমান যুক্তিসংগত হ'ব আৰু দায়িত্ব পালনৰ নামত চাৰ্টাড বিমান,হেলিকপ্টাৰত ভ্ৰমণ কৰা কাৰ্য কিমানদূৰ সমৰ্থনযোগ্য বুলি প্ৰশ্ন কৰে ভট্টাচাৰ্যই ৷ ইতিমধ্যে সকলো কামৰ অন্তৰালত থকা ৰাজনীতি জোলোঙাৰ মেকুৰী ওলোৱাদি ওলাইছে বুলি কৈ কৰ্মহীন,খাদ্যহীন তথা কৃষকৰ ৰোষৰ সন্মুখীন হ'ব লাগিব বুলি স্পষ্ট কৰি দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়কঃসাংবাদিকলৈ ৫০ লাখ টকাৰ বীমা ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details