গুৱাহাটী, ২৬ জুন : ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটৰ নেতৃত্বই । গুৱাহাটীৰ হোটেল গেটৱে' গ্ৰেণ্ডিঅ'ৰ(Hotel Gateway grandeur)ত আয়োজন কৰা মহাজোঁটৰ সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা(APCC president Ripun Bora)ই ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ গণতান্ত্রিক প্ৰক্ৰিয়াত বিজেপি মিত্রদলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল যদিও অসমৰ ৰাইজে প্ৰকৃততে বিজেপিৰ বিপক্ষে ভোট দিছিল বুলি উল্লেখ কৰে ৰিপুন বৰাই ।
আনহাতে, বিধানসভা নিৰ্বাচনত বিজেপি মিত্রদলে ৯১.৩৮ লাখ ভোট পোৱাৰ বিপৰীতে মহাজোঁটে লাভ কৰিছিল ৮৮.২৯ লাখ ভোট । আনহাতে অসম জাতীয় পৰিষদ দলে ৭.২ লাখ আৰু ৰাইজৰ দলে ১.১৩ লাখ ভোট লাভ কৰিছে । মহাজোঁট আৰু অসম জাতীয় পৰিষদ ৰাইজৰ দল মিলি লাভ কৰা ভোটৰ পৰিমান হৈছে ৯৬.৪৬ লাখ ।
আনহাতে, অন্যান আৰু নিৰ্দলীয় মিলি লাভ কৰিছে ১১.৬৫ লাখ ভোট । এইখিনি ভোট বিজেপিৰ বিৰুদ্ধে দিছে । শতাংশ হিচাপত বিজেপি মিত্রদলৰ ভোটৰ হাৰ ৪৪.৫ শতাংশ । ইয়াৰ বিপৰীতে মহাজোঁটৰ ভোটৰ হাৰ হৈছে ৪৩.৬৮ শতাংশ, পাৰ্থক্য মাত্র .৮ শতাংশৰ অৰ্থাৎ, বাস্তৱত অসমৰ ৰাইজে তেওঁলোকক সমৰ্থন দিয়া নাই ।
বিজেপি মিত্রদলৰ চৰকাৰে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰি মূল্যবৃদ্ধিৰ প্ৰসংগত ৰিপুন বৰাই কয়, বিজেপি চৰকাৰৰ ৰাজহ সংগ্ৰহৰ নিজা কোনো উৎস নাই বাবে মূল্যবৃদ্ধিৰে ৰাইজৰ ওপৰত মাধমাৰ শোধাইছে । অভাৱনীয় হাৰত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি কৰা হৈছে । পেট্ৰলৰ আৱকাৰী শুল্ক ৩২.৯০ টকা আৰু ডিজেলৰ ৩১.৮০ টকা বৃদ্ধি কৰি চৰকাৰে ৰাইজৰ পৰা ৰাজহ আদায় কৰিছে ।
কেন্দ্ৰৰ বিজেপি চৰকাৰে বিগত সাত বছৰত ৰাইজৰ ওপৰত মাধমাৰ শোধাই মূল্যবৃদ্ধিৰে সংগ্ৰহ কৰিছে ২২ লাখ কোটি টকা । ইয়াৰ লগতে সংবাদমেলত চিপিআইৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই কয়, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা(Chief minister Himanta Bishwa Sarma)ই বিৰোধী দল থকাটোৱেই নিবিচাৰে, তেওঁ গণতন্ত্র বিৰোধী বক্তব্য আগবঢ়াইছে । এইখন চৰকাৰে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ অভিযান চলাইছে ।